পাকিস্তানৰ বিজ্ঞাপনত বীৰ অভিনন্দন

 03/07/2019 - 14:49

ডিজিটেল ডেস্কঃ পাকিস্তানৰ ভূমিত বীৰত্ব আৰু সাহসিকতাৰ পৰিচয় দিয়া ভাৰতীয় বীৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমান সাম্প্ৰতিক সময়ত বিশ্বত ইমানেই জনপ্ৰিয় হৈ পৰিছে যে খোদ শত্ৰুৰাষ্ট্ৰ পাকিস্তানেও তেওঁৰ ওচৰত সেওঁ মানিবলৈ বাধ্য। অভিনন্দনৰ জনপ্ৰিয়তাকে মূলধন হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানৰ এটা চাহপাত প্ৰস্তুতকাৰী কোম্পানীয়ে।

তপল কোম্পানীৰ দানেদাৰ নামৰ চাহপাতৰ বিজ্ঞাপনটোত উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানক দেখুওৱা হৈছে। পাকিস্তানত বন্দী হৈ থকা সময়ত পাক সেনাৰ জেৰাত অভিনন্দনে চাহ পান কৰি বীৰদৰ্পে উত্তৰ দিয়া কিছু মুহূৰ্তৰ ভিডিঅ’ ক্লিপ ব্যৱহাৰ কৰা হৈছে এই বিজ্ঞাপনটোত। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই বিজ্ঞাপনটোৱে অধিক চৰ্চা লাভ কৰিছে জনসাধাৰণৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।