এনআৰচি প্ৰক্ৰিয়াত বাধাগ্ৰস্ত কৰা দুষ্ট চক্ৰক হুংকাৰ আম আদমী পাৰ্টিৰ

 05/10/2019 - 14:29

বৰপেটাঃ অসমৰ জলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ একমাত্ৰ পথ এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভূক্ত হোৱা হাজাৰ হাজাৰ লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰি এটা স্বাৰ্থান্বেষী চক্ৰই এন আৰ চি প্ৰক্ৰিয়াক বাধা প্ৰদানৰ প্ৰচেষ্টা চলোৱাৰ লগতে একাংশ নিৰীহ ভাৰতীয়ক চৰম হাৰাশাস্তি কৰিবলৈ লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টি, বৰপেটা জিলা কমিটীয়ে।

আজি ৰাজনৈতিক দলটোৱে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি এন আৰ চি ত ভূৱা অভিযোগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এন আৰ চি কৰ্তৃপক্ষই ভুৱা অভিযোগৰ ভিত্তিত অব্যাহত ৰখা অমানৱীয় হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনায়।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকি আম আদমী পাৰ্টিৰ বৰপেটা জিলা কমিটীৰ যুটীয়া সমন্বয়ক ফাৰুক খানে কয় যে বহু বাধাৰ মাজেৰে এন আৰ চি প্ৰক্ৰিয়া গ্ৰহণযোগ্য সমাপ্তিৰ দিশত গৈ আছে।

এনে সময়তে খচৰাত নাম অন্তৰ্ভূক্ত হোৱা লোকৰ বিৰুদ্ধে এটি চক্ৰই এনআৰচিক বাধাগ্ৰস্ত কৰাৰ বাবে ভূৱা অভিযোগ দাখিল কৰিছে। অভিযোগ দাখিলকাৰী সকল শুনানিত অনুপস্থিত থাকে। এনআৰচি কৰ্তৃপক্ষই ভূৱা অভিযোগকাৰীৰ নাম-ঠিকনা গোপন ৰাখিছে। এখন জিলাৰ মানুহৰ অভিযোগ অন্য এখন জিলাত দাখিল কৰা হৈছে।

এনে অৱস্থাত নিৰীহ প্ৰকৃত ভাৰতীয় চৰম হাৰাশাস্তিৰ সন্মূখীন হৈছে। অকল বৰপেটা জিলাতে ৭৫ হাজাৰজন লোকৰ বিৰুদ্ধে ভূৱা অভিযোগ দাখিল কৰা হৈছে বুলি প্ৰকাশ কৰি তেওঁ এনে ভূৱা অভিযোগকাৰীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰাৰ হুংকাৰ দিয়ে। আম আদমী পাৰ্টিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.