গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা

 05/10/2019 - 15:30

গুৱাহাটীঃ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহ সফলতাৰে সম্পন্ন হোৱাৰ পিছত এইবাৰ পুনৰ গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা।

প্ৰতিযোগিতাখনত থাকিব ছয়বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন মেৰিকম আৰু অসমৰ ষ্টাৰ বক্সাৰ শিৱথাপাকে ধৰি দেশ বিদেশৰ বক্সাৰ খেলুৱৈসকল।

৫ দিনীয়া কাৰ্যসূচীৰে হ'ব ইণ্ডিয়ান অপেন বক্সিং চেম্পিয়নশ্বিপ। এই খেলখন অনুষ্ঠিত হ'ব সৰুসজাইস্থিত নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত। ইতিমধ্যে অসম চৰকাৰৰ সহযোগিতাত অসম বক্সিং সন্থাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।