আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়ন বৰপেটাৰ নিশাদ আলীক এনআৰচি কৰ্তৃপক্ষৰ হাৰাশাস্তি

 05/10/2019 - 17:34

বৰপেটাঃ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়ন বৰপেটাৰ নিশাদ আলীৰ বিৰুদ্ধে এনআৰচি কৰ্তৃপক্ষৰ দ্বাৰা জাননী জাৰি। এনআৰচি হিয়াৰিঙ কেন্দ্ৰত  উপস্থিত হৈ নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলগীয়া হ'ল নিশাদ আলীৰ।

উল্লেখযোগ্য যে পাঁচবাৰকৈ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়ন তথা গোল্ড মেডেলিষ্ট; দক্ষিণ আফ্ৰিকা, কাজাখাস্তান আৰু জাপানত তিনিবাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰি বিদেশত ভাৰতৰ ত্ৰিৰংগা পতাকা উৰুৱাই দেশলৈ সোণৰ পদক কঢ়িয়াবলৈ সক্ষম হোৱা তথা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত যুৱ প্ৰতিভাৱান আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ নিশাদ আলীৰ বিৰুদ্ধে বিশ্বজিত নাথ নামৰ এজন ব্যক্তিয়ে এন আৰ চিত অবজেকছন দাখিল কৰাৰ পাছত খেলুৱৈ গৰাকীয়ে নিজ গৃহ বৰপেটা টাউনৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ মুকালমুৱাৰ এনআৰচি হিয়াৰিঙ কেন্দ্ৰত উপস্থিত হৈ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ দাখিল কৰে।

ইতিমধ্যে এন আৰ চি ড্ৰাফ্ট তালিকাত নিশাদ আলীৰ নাম অন্তৰ্ভূক্ত আছে। দেশৰ গৌৰৱ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়ন নিশাদ আলীৰ বিৰুদ্ধে এনআৰচিত অবজেকছন দাখিল কৰি হাৰাশাস্তি কৰা কাৰ্যত খেলুৱৈ গৰাকীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম চৰকাৰ তথা এন আৰ চি কৰ্তৃপক্ষক সুব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.