স্বচ্ছ ভাৰত অভিযানৰ ফোঁপোলা স্বৰূপ

 05/10/2019 - 17:53

কলগাছিয়াঃ স্বচ্ছ ভাৰত অভিযান নামৰ আঁচনিখন হৈছে ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান যাৰ উদ্দেশ্য সকলোকে দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুণ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলা।

এই স্বচ্ছতা সন্দৰ্ভত ভাৰত চৰকাৰে ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে কোটি,কোটি টকা ব্যয় কৰি বিজ্ঞাপন,ফলক,ইত্যাদি ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে যদিও একাংশ জনসাধাৰণৰ সেই কথাৰ প্ৰতি যেন কোনো কাণসাৰ নাই।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত টি.এন.ডি,বালিকুৰী,বামুনটাৰী,আদিকে ধৰি বিভিন্ন বজাৰসমূহত দেখা গল স্বচ্ছতাৰ ফোঁপোলা স্বৰূপ। উল্লেখিত বজাৰসমূহৰ চৌদিশৰ লগতে ৰাস্তাৰ দুয়োকাষে আৱৰ্জনাই আৱৰি ধৰিছে।

যাৰ ফলত এদিন বৰষুণ হলেই চৌদিশে সৃষ্টি হয় এক কদৰ্য পৰিবেশ। সমাগত বাৰিষাৰ আগতে যদি উচিত পদক্ষেপ লোৱা নহয় তেন্তে ভয়ানক লেতেৰা পৰিবেশৰ সৃষ্টি হ’ব বুলি বৌদ্ধিক মহলে মত প্ৰকাশ কৰাৰ লগতে স্বচ্ছ ভাৰত অভিযান(গ্ৰামীন)ৰ দ্বাৰা পঞ্চায়ত এলেকাসমূহত বৰ্জনীয় পদাৰ্থৰ প্ৰবন্ধন কাৰ্য্য-কলাপৰ জৰিয়তে গ্ৰাম্যাঞ্চলসমূহক উন্মুক্ত কৰাৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।