শিশু শিক্ষা সমিতি অসমৰ গুৱাহাটী সংকুলৰ আচাৰ্য্য "স্নেহ সন্মিলন ২০১৯" মালিগাওঁ আদিংগিৰিত

 05/10/2019 - 18:24

গুৱাহাটীঃ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনসমূহে অসমীয়া মাধ্যম আৰু অসমৰ শিক্ষা জগতক বিশেষ অৰিহণা আগবঢ়াই আহিছে।প্ৰতি বছৰে শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত গুৱাহাটী সংকুলৰ আচাৰ্য্য আচাৰ্য্যসকলৰ বৌদ্ধিক বিকাশ বাবে 'আচাৰ্য্য স্নেহ সন্মিলন'ৰ আয়োজন কৰি আহিছে।

এইবাৰো এদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱ শিশু নিকেতন, মালিগাওঁ, আদিংগিৰিত ১১ মে’ শনিবাৰে অনুষ্ঠিত হব। এই সন্মিলনৰ লগত সংগতি ৰাখি একে স্থানতে নিকেতন সমূহৰ কৰ্মচাৰী, সেৱাকৰ্মী আৰু পৰিবহন কৰ্মীসকলৰ সন্মিলনখনো অনুষ্ঠিত হ’ব। সংকুল সংযোজক জগন্নাথ ৰাজবংশী আৰু সংকুল প্ৰমূখ ৰাতুল লহকৰে জানিবলৈ দিয়া মতে ১১ মেৰ পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব শিশু শিক্ষা সমিতি অসমৰ সভাপতি ডঃ নিৰ্মল বৰুৱাই।

ইয়াৰ পাছতে আচাৰ্য্যাৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। এই উপলক্ষে অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকিব কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগু সন্মানীয় অতিথি হিচাবে উপস্থিত থাকিব কামৰূপ মহানগৰ বিদ্যালয় পৰিদৰ্শক বুলি গগৈ ভূঞা। ইয়াৰ উপৰিও সভা বিশিষ্ট অতিথি ৰূপে অংশ ল’ব প্ৰতিষ্ঠিত ব্যবসায়ী পৱন আগৰৱালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।