শিৱসাগৰৰ ব্যস্ত ৰাজপথত জনসাধাৰণৰ সন্মুখতে যুৱতীয়ে খালে ফেনাইল

 05/10/2019 - 19:10

শিৱসাগৰঃ শিৱসাগৰ নগৰত দিনদুপৰতে সংঘটিত হল চাঞ্চল্যকৰ ঘটনা।ব্যস্ত ৰাজপথত জনসাধাৰণৰ সন্মুখতে এগৰাকী যুৱতীয়ে খালে ফেনাইল।যুৱতী গৰাকীয়ে এনেদৰে বিষাক্ত ফেনাইল পান কৰা দেখি কেবাগৰাকী প্ৰত্যক্ষদৰ্শী লোকে ততাতৈয়াকৈ যুৱতীগৰাকীৰ মুখৰ পৰা ফেনাইলৰ বটলটো কাঢ়ি লয় আৰু যুৱতীগৰাকীক সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰে।

ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়াত আৰক্ষীযে যুৱতীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰি উক্ত স্থানৰ পৰা লৈ যায়।দিনদুপৰতে সংঘটিত হোৱা এই ঘটনা শিৱসাগৰ জেঙণিকাটিয়াত।যুৱতীগৰাকীয়ে ফেনাইল খোৱাৰ পূৰ্বে বহুত সময় ধৰি মোবাইল ফোনত কাৰোবাৰ সৈতে কথা পাতি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকসকলে।

এটা সময়ত যুৱতীগৰাকীয়ে নিজৰ লগত অনা বেগটোৰ ভিতৰৰ পৰা ফেনাইলৰ বটল এটা উলিয়াই পান কৰিব ধৰোতেই স্থানীয় লোকে ৰক্ষা কৰে।সন্দেহ কৰা মতে প্রেমজনিত কাৰণতে যুৱতী গৰাকীয়ে এনেদৰে ৰাজপথৰ ওপৰতে ফেনাইল খাই আত্মহননৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।