গোৰেশ্বৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত হেমাহি

 05/10/2019 - 19:18

গোৰেশ্বৰঃ গোৰেশ্বৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত হেমাহি৷গোৰেশ্বৰৰ মহৰিপৰাৰ পৰা ৰামগাঁও সংযোগী ২-৫০ কি:মি পথ নিৰ্মাণত ব্যাপক অনিয়ম৷ ভাৰত চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্ৰালয়ৰ পুঁজিৰে ২০১৫ বৰ্ষতে আবণ্টন লাভ কৰা ২ কি:মি পথ নিৰ্মাণৰ কাম আজিও সম্পূৰ্ণ নহ’ল৷

পথটি নিৰ্মাণৰ বাবে ঠিকাদাৰ গবিন চন্দ্ৰ বড়োয়ে লাভ কৰিছিল আবণ্টন৷প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ পথটি নিৰ্মাণ নকৰাত অতিষ্ঠ হৈছে জনসাধাৰণ।বাক্সাৰ মুছলপুৰ সংমণ্ডলৰ অধীনৰ উক্ত পথটি অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজ তথা দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।