মাজবাট কলেজত অৰাজকতা

 05/10/2019 - 19:36

ওৰাংঃ ওদালগুৰি জিলাৰ মাজবাটৰ অগ্ৰণী শিক্ষা অনুষ্ঠান মাজবাট মহাবিদ্যালয়ত চৰম অৰাজকতা । উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশক অৱমাননা। উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ১৩ বছৰে মাজবাট মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পদত অবৈধ ভাৱে অধিষ্ঠিত হৈ আছে ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডী।

কিন্তু উচ্চ শিক্ষা সঞ্চালকালয়ে ২০১৭ চনৰ ১৮ আগষ্টতে এই পত্ৰৰ জৰিয়তে নিৰ্দেশ প্ৰদান কৰিছিল মাজবাট মহাবিদ্যালয়ক। উচ্চ শিক্ষা সঞ্চালকালয়ে প্ৰদান কৰা এই নিযুক্তি পত্ৰত উল্লেখ আছিল পৰিচালনা সমিতিৰ সদস্য সকল ৰাজনৈতিক ব্যক্তি হ’ব নালাগে অথবা ৰাজনীতিৰ সৈতে জড়িত হব নালাগে।

কিন্তু উচ্চ শিক্ষা সঞ্চালকালয়ে প্ৰদান কৰা এই নিৰ্দেশনাকো প্ৰত্যাহ্বান জনাই বৰ্তমানো বিগত ১৩ বছৰে পৰিচালনা সমিতিৰ সভাপতি হৈ আছে এই গৰাকী বিটিচি পৰিষদৰ কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডী।

২০১৭ চনতে প্ৰদান কৰা উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাকো প্ৰত্যাহ্বান জনাই নিজৰ খেয়াল খুচি মতে মাজবাট মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হৈ আছে শ্যাম চুণ্ডীয়ে। বিটিচি পৰিষদৰ নিয়োগ,পশুপালন আৰু মীন বিভাগৰ কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডীৰ এই কাৰ্যক লৈ এতিয়া আশ্চৰ্য প্ৰকাশ কৰিছে খোদ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ প্ৰদীপ কুমাৰ শৰ্মাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।