ৰঙাপৰাত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা সভা আৰু মকড্ৰিল

 05/10/2019 - 19:52

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা অগ্নি নিৰ্বাপক বাহিনীয়ে অনুষ্ঠিত কৰে এটি সজাগতা সভা আৰু মকড্ৰিল।গ্ৰিনডেল স্কুলত আয়োজিত অনুষ্ঠানটিত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে।

ৰঙাপৰাস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ ভাৰপাপ্ত বিষয়া কমল বড়োৰ নেতৃত্বত যোৱা ৬ জনীয়া এটি অগ্নি নিৰ্বাপক বাহিনীয়ে বিদ্যালয়খনত সজাগতা সভা অনুষ্ঠিত কৰে। সজাগতা সভাত বানপানীৰ সময়ত ল’বলগীয়া জৰুৰীকালীন ব্যৱস্থা ,ধুমুহাৰ সময়ত ল’বলগীয়া সাৱধানতা, বজ্ৰপাতৰ পৰা কেনেকৈ নিৰাপদে থাকিব পাৰি আদি বিষয় ওপৰত আলোকপাত কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।