হাইলাকান্দিৰ ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে

 05/11/2019 - 12:01

ডিজিটেল ডেস্ক: হাইলাকান্দিত শেহতীয়াকৈ সংঘটিত ঘটনা সন্দৰ্ভত তাৎক্ষণিক তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰাক উক্ত ঘটনাৰ তদন্তৰ দায়িত্বভাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা আৰু বৰাক উপত্যকাৰ আয়ুক্ত আনোৱাৰুদ্দিন চৌধুৰী। শান্তি, সম্প্ৰীতি অটুট ৰাখি সকলোকে সংযত হৈ থাকিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

গতিকে এনে সময়ত উৰা বাতৰি বিয়পোৱা, শান্তি-শৃংখলা বিঘ্নিত কৰা আৰু উচটনিমূলক মন্তব্য দিয়াৰ পৰা বিৰত থকাটো অত্যন্ত প্ৰয়োজনীয়। ছ'চিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।