গোৰেশ্বৰত বিহু দলক অপদস্থ: এজাহাৰ দাখিল

 05/11/2019 - 12:32

গোৰেশ্বৰ: অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটি অসমীয়াৰ হাতত ৰক্ষা পৰিব বুলি আপুনি ভাবিছে নে কেতিয়াবা! যদি ভাবিছে তেন্তে ভূল বুলি ভাবিলেও মিছা কোৱা নহ'ব কিয়নো এতিয়া জাতীয় উৎসৱক ৰক্ষা কৰিবলৈ গৈ অপমানিত হ'ল গোৰেশ্বৰৰ ৰংমহল বিহুৱা দল।

দলটোৱে জানিবলৈ দিয়া মতে ১০ মে'ৰ নিশা গোৰেশ্বৰৰ ৰংমহল বিহু দলটি বিহু গাবলৈ উপস্থিত হৈছিল দৰং জিলাৰ ৰাজঘাট নামৰ ঠাইত। বাটত হোৱা যান্ত্ৰিক বিজুতিৰ বাবে দলটি গৈ পোৱাত কিছু পলম হৈছিল। বিহুত দলটিৰ চুক্তি অনুসৰি উপস্থিত হোৱাৰ সময় আছিল নিশা ৯.৩০ বজাত। কিন্তু বাটত হোৱা যান্ত্ৰিক বিজুতিৰ বাবে বিহু দলটি উপস্থিত হ'ল ১০ বজাত। বিহু দলটি আধাঘণ্টা পলম হোৱাৰ বাবে ৰাজঘাটৰ বিহু কমিটিৰ একাংশ বিষয়ববীয়াই বিহু দলটিক অপদস্থ কৰাৰ লগতে অকথ্য গালি দি দলটিৰ মুখ্য প্ৰয়োজকক থেলি মাটিত বগৰাই দিয়ে।

উক্ত ঘটনাৰ পিছতে দলটি বিহু মঞ্চত বিহু গাবলৈ প্ৰৱেশ কৰাৰ লগে লগে কমিটিৰ একাংশই দলটিক অকথ্য গালি গালাজ দিয়াৰ লগতে দলটিক মাননী নিদিয়াকৈ তাৰপৰা খেদি পঠিয়াই বুলি জানিবলৈ দিয়ে। উক্ত ঘটনাৰ পিছত সেইস্থান এৰি ঘটনাৰ সম্পৰ্কে দৰং জিলাৰ বুঢ়া আৰক্ষী থানাত এখন এজাৰ দাখিল কৰিছে ভোক্তভোগী বিহু দলটোৱে।

উক্ত ঘটনাটিৰ উচিত বিচাৰ কৰিবলৈ দাবী জনাইছে বিহু দলটিয়ে। এইক্ষেত্ৰত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।