নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত "আইনী সাক্ষৰতা পাঠদান" শীৰ্ষক সজাগতা সভা

 05/11/2019 - 13:25

নগাঁও: নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় সহযোগত শুকুৰবাৰে বিদ্যালয়ৰ সভাগৃহত দিনৰ ১ বজাত ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা তথা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙৰ সঞ্চালনাত "আইনী সাক্ষৰতা পাঠদান" শীৰ্ষক এটি সজাগতা সভা অনুষ্ঠিত হয়।

নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে ন্যায় সেৱা প্ৰাধিকাৰী আইন ১৯৮৭ ৰ ব্যাখ্যা আগবঢ়োৱাৰ উপৰি ন্যায় সেৱা প্ৰাধিকাৰীয়ে বৰ্তমান কৰি অহা বিভিন্ন সজাগতা সভা, নিজ ঘৰতে পৰিয়ালৰ দ্বাৰা নিপিড়িত, নিৰ্যাতিত, দিব্যাংগ, দৰিদ্ৰ, মানসিকভাবে সক্ষম লোকসকলৰ হৈ কৰি অহা উন্নয়নমূলক, গঠনমূলক কামকাজসমূহৰ ওপৰত বহল ৰূপত ব্যাখ্যা আগবঢ়ায়।

এই সজাগতা সভাখনিত ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তাৰূপে উপস্থিত থকা শংকৰদেৱ নগৰ আদালতত কৰ্মৰত অধিবক্তা দিপক দেৱনাথে শিশু শ্ৰমিক নিৰ্বাৰণী আইন ১৯৮৬ আৰু শিক্ষাৰ অধিকাৰ আইনৰ ওপৰত উপস্থিত ছাত্র-ছাত্রীসকলৰ আগত বহল ৰূপত ব্যাখ্যা আগবঢ়োৱাৰ উপৰি ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা শংকৰদেৱ নগৰ আদালতত কৰ্মৰত অধিবক্তা ছাহানা বেগম ছৌধুৰীয়ে আইনৰ বিভিন্ন ধাৰাৰ ওপৰত বহলাই কোৱাৰ লগত বাল্য বিবাহ আইনৰ ওপৰত ব্যাখ্যা দাঙি ধৰে।

প্ৰায় ডেৰ শতাধিক ছাত্র-ছাত্রী উপস্থিত থকা আজিৰ এই সজাগতা সভাখনিত নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ অৰ্ধআইনী সহায়ক ক্ৰমে- দ্বীপেন শইকীয়া, পাপুমনি বৰা উপস্থিত থাকে। অতি পৰিতাপৰ কথা এই যে, কোনো কাৰণ নোহোৱাকৈয়ে দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক, হোজাইৰ বিদ্যালয়খন দিনৰ প্ৰায় ১.৩০ বজাতে চুটি দিয়াৰ কাৰ্যই সচেতন মহলক হতচকিত কৰি তুলিছে।

এজন মাত্র শিক্ষক উপস্থিত থকা সজাগতা সভাখনিত বিদ্যালয়খনৰ মুৰব্বীগৰাকীৰ লগতে অনান্য শিক্ষক-শিক্ষয়িত্রীসকল এই আইনী সাক্ষৰতা পাঠদান শীৰ্ষক সজাগতা সভাখনিত উপস্থিত নথকাৰ কথাই নগাঁও আৰু শংকৰদেৱ নগৰ আদালতৰ পৰা যোৱা সমল ব্যক্তিসকলকো বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ দিশটো কেনে হ'ব তাৰ ওপৰত চিন্তা কৰিবলৈ বাধ্য কৰাইছে। এনেধৰণেৰে বিদ্যালয়খনত চলি থকা দিৰ্ঘদিনীয়া অনিয়মসমূহ আঁতৰ কৰাৰ ক্ষেত্রত এতিয়া নগাঁও বিদ্যালয়সমূহৰ পৰিৰ্দশকগৰাকীৰ হস্তক্ষেপ দাবী কৰিছে একাংশ সচেতন লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।