মথাউৰি নিৰ্মাণত গাফিলতি: সংকিত নৈপৰীয়া ৰাইজ

 05/11/2019 - 13:51

ওৰাং: ৰাজ্যত এতিয়া বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে নৈ উপনৈসমূহ। বাৰিষাৰ পূৰ্বে ৰাজ্যৰ মথাউৰি মেৰামতি আৰু নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল জলসম্পদ বিভাগক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অসাৰ কৰি কোনো কামেই নকৰিলে বিভাগটোৱে। পৰিণতিত বাৰিষা আগমনত শংকিত হ'ব লগা হৈছে এতিয়া নৈপৰীয়া ৰাইজ। ওদালগুৰি জিলাৰ ওৰাঙৰ পাচনৈ নদীৰ ওপৰত থকা এটা বালিৰ মথাউৰি। ধূপগুৰী, চেঙেলীমৰা আৰু বিছখুটী অঞ্চলত নিৰ্মাণ হৈছে এই মথাউৰিটো।

এছডিআৰএফ আঁচনিৰ দ্বাৰা মুঠ ২,২৪,৭৪,৮২৪,৫১ টকা ব্যায় সাপেক্ষে নিৰ্মাণ হৈছে এই মথাউৰিটো। মথাউৰিটো নিৰ্মাণ কৰাৰ পাছত বাৰিষাৰ বানপানী নৌহওঁতেই খহিল মথাউৰিটো। কেৱল বালিৰে অতি নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলত এতিয়া বৰষুণ আৰু বতাহ হ'লেই খহি পৰে এই মথাউৰিটো। পাচনৈ নদীৰ প্ৰলয়ংকাৰী বানে প্ৰতিবছৰে ক্ষতিগ্ৰস্থ কৰে ওৰাঙৰ বিছখুটী, চেঙেলীমৰা আৰু ধূপগুৰী অঞ্চলকেইটাত। ৰাইজে বহুদিন ধৰি চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পাছত নিৰ্মাণ হৈছিল এই মথাউৰিটো।

মথাউৰিটো নিৰ্মাণ হ'ল যদিও মথাউৰিটোৰ নিৰ্মাণ কাম নিম্নমানৰ হোৱাৰ বাবে ভৰ বাৰিষাৰ পূৰ্বেই বানপানীত ককবকাবলগীয়া হোৱাৰ আশংকা নৈপৰীয়া ৰাইজৰ। মথাউৰিটোৰ দুয়োপাৰে পকী পাৰকুপাইন্ট দিয়াৰ সলনি জলসম্পদ বিভাগে মথাউৰিৰ এটা পাৰত পাৰকুপাইন্ট দি আনটো পাৰত মথাউৰি ভাঙি নাযাবলৈ দিছে দীঘল দীঘল ভলুকা বাঁহ। এই কাৰ্যত আশ্বস্ত হ'বপৰা নাই নৈপৰীয়া ৰাইজ। জলসম্পদ বিভাগৰ এই কাৰ্যক লৈ এতিয়া মুঠেই সন্তুষ্ট নহয় এইসকল নৈপৰীয়া ৰাইজ। কমিছনৰ অংকত এনেদৰে বালিৰে অতি নিম্নমানৰ মথাউৰি নিৰ্মাণ কৰি দায়িত্ব সামৰিছে এতিয়া বিভাগটোৱে।

অতি নিম্নমানেৰে মথাউৰি নিৰ্মাণ কৰি এতিয়া কেবল চৰকাৰী আঁচনিৰ নামত আবণ্টিত ধন সৰাধ কৰাতহে সিদ্ধহস্ত হৈ পৰিছে জলসম্পদ বিভাগ। ভৰ বাৰিষালৈ আৰু মাত্ৰ কেইটামান দিন বাকী, বালিৰে এনেদৰে মথাউৰি নিৰ্মাণ হোৱাৰ বাবে যে বাৰিষা নৈৰ সোঁতে এই মথাউৰি ভাঙি উতুৱাই নিব সেয়া হ'লে নিশ্চিত। যাৰ ফলত এতিয়া বানৰ পূৰ্বেই সংকিত হ'বলগীয়া হৈছে ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।