মৰিয়নীত পুত্ৰৰ জীৱন ভিক্ষা অসহায় পিতৃ-মাতৃৰ

 05/11/2019 - 13:58

মৰিয়নীঃ এক কঠিন ৰোগত আক্ৰান্ত হৈছে মৰিয়নী ফৰেষ্ট কলনিৰ নিৱাসী বিশ্বনাথ বৰ্মন আৰু উমা বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ অমিত বৰ্মন(২৬)সম্প্ৰতি চেন্নাই এখন চিকিৎসালয়ৰ পৰা অৰ্থৰ অভাৱত উভতি আহি বৰ্তমান নিজ বাসগৃহত জীৱন মৃত্যুৰ হৈতে যুঁজ দিছে দুৰ্ভগীয়া অমিতে৷ চেন্নাইৰ এখন চিকিৎসালয়ত প্ৰায় ১ মাহ দিন ধৰি চিকিৎসাধীন হৈ পুনৰ মৰিয়নীলৈ বুলি বিনা অস্ত্ৰোপচাৰে উভতি আহিল অমিত আৰু পৰিয়ালৰ লোক৷

মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ ফৰেষ্ট কলনিৰ নিৱাসী অমিত মৰিয়নী দৈনিক বজাৰত ক্ষুদ্ৰ ভাৱে কেঁচা পাচলি ব্যৱসায় কৰি নিজৰ লগতে ৭ জনীয়া পৰিয়ালটোক পোহপাল দি আছিল৷পিতৃ বিশ্বনাথ বৰ্মনৰ নাই কোনো চাকৰি বা ব্যৱসায়৷ পিতা-পুত্ৰ দুয়ো মিলি দিন হাজিৰা কৰি পাৰ কৰা পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা৷ দুমাহ পূৰ্বে জ্যেষ্ঠ পুত্ৰ অমিত হঠাৎ অসুস্থ হয় পৰে। স্বাস্থ্য পৰীক্ষাৰ অন্তত গম পায় অমিতৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছে। অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসকৰ পৰামৰ্শ মতে কম সময়ৰ ভিতৰত তেওঁৰ বৃক্ক অস্ত্ৰোপচাৰ কৰাব লাগিব৷

অমিতৰ আছে এটি দেৰ বছৰীয়া পুত্ৰ সন্তান পত্নী,পিতৃ-মাতৃ আৰু দুই ভাই ভনী৷ ঘৰখনৰ ডাঙৰ ল’ৰাজন হঠাৎ অসুস্থ হোৱাত বৰ্তমান তেওঁৰ উন্নত চিকিৎসাৰ বাবে গাঁৱৰ লগতে মৰিয়নীৰ বহু কেইজন জেষ্ঠ তথা সচেতন লোকে পৰিয়ালটোক সহায় সহযোগিতা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়৷ যোৱা দুটা মাহত ৫/৬ বাৰকৈ বিধায়কগৰাকীৰ সৈতে যোগাযোগ কৰি পৰিয়ালটোৱে সহায় অনুৰোধ কৰা পাছতো সামান্য সহায় কৰাটো বাদে বিয়া সকাম খাই জনপ্ৰিয় হোৱা বিধায়কগৰাকীৰ খবৰ এটা ল’বলৈ সময় নহ’ল৷

অমিতক চিকিৎসকে কঠিন ৰোগত আক্ৰান্ত বুলি প্ৰকাশ কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিবলৈ পৰামৰ্শ আগবঢ়োৱাত দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰাৰ দৰেই হয়।পৰিয়ালটোৱে বিভিন্ন উৎসত খবৰ কৰি উক্ত ৰোগৰ চিকিৎসাৰ বাবে আনুমানিক কেইবালক্ষাধিক টকাৰ প্ৰয়োজন হ'ব বুলি জানিব পাৰি একপ্ৰকাৰ দিশহাৰা হৈ পৰে পৰিয়ালটো।ইতিমধ্যে ৰোগী গৰাকীক প্ৰতিমাহত দুই তিনিবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰি ডায়েলচিচ কৰি থাকিবলগীয়া হোৱাত দৰিদ্ৰ পৰিয়ালটোৱে চকুৰে দিনতে এন্ধাৰ দেখিছে।

পুত্ৰক লৈ সপোন দেখা পিতৃ-মাতৃয়ে তাক সুস্থ কৰি তুলিব বিচাৰে কিন্ত আৰ্থিক দৈন্যতাৰ বাবে সেয়া এতিয়া অসম্ভৱ যেন হৈ পৰিছে। সেয়েহে অসহায় পিতৃ-মাতৃয়ে সদাশয় ৰাইজৰ ওচৰত সহায় ভিক্ষা কৰিছে। কোনো ইচ্ছুক ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে এচবিআই বেংকৰ মৰিয়নী শাখাৰ একাউণ্ট নম্বৰ ৩১৯৩৪২৬২০৯৩ আই এফ চি- ৭৪২৭ লগতে ফোন নম্বৰ ৮৪৮৬১৮৮৯৩৯ যোগাযোগ কৰি সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।