প্ৰতীক হাজেলাক সাক্ষাৎ কৰিলে সংখ্যালঘূ সংগ্ৰাম পৰিষদে

 05/11/2019 - 14:24

হাউলীঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ(ASSP)ৰ সভাপতি আব্দুল আজিজ আৰু সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইনে এক বিবৃতি যোগে জানিবলৈ দি উল্লেখ কৰে যে বৰ্তমান ৰাজ্যব্যাপি চলি থকা এনআৰচিৰ আপত্তিৰ শুনানীত আপত্তিকাৰী উপস্থিত নথকা বিষয়টি যোৱা ৮/৫/১৯ তাৰিখত মাননীয় উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাত মাননীয় ন্যায়্যালয়ে ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক আইনমতে সিদ্ধান্ত দিবলৈ নিৰ্দেশনা দিয়ে।

লগতে শুনানীৰ সময়ত আপত্তিকাৰী উপস্থিত থাকক বা নাথাকক আইনৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্যিক সমন্বয়কক নিজৰ বিচাৰ বিবেচনাৰে সেইসমূহ নিষ্পত্তি কৰি অহা ৩১ জুলাই বা তাৰ এদিনৰ পূৰ্বে পূৰ্ণাঙ্গ এন আৰচি প্ৰকাশ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে বুলি উল্লেখ কৰে| আপত্তিকাৰীৰ সবিশেষ তথ্য যাৰ বিৰুদ্ধে আপত্তি কৰিছে তেওঁক দিয়া নিদিয়া বিষয়টিয়ো ৰাজ্যিক সমন্বয়কৰ বিবেচনাৰ ওপৰত এৰি দাবী-আপত্তি নিষ্পত্তিৰ ক্ষেত্ৰত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সম্পূৰ্ণৰূপে স্বাধীনতা দি মুঠতে এদিনো বিলম্ব নকৰাকৈ ৩১ জুলাই বা তাৰ এদিন পূৰ্বে চূড়ান্ত এন আৰ চি প্ৰকাশ কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে।

আনকি এন আৰ চি সম্পৰ্কীয় এই আবেদন আগন্তুক ১০ জুলাই, ২০১৯ ইং তাৰিখে শুনানী অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। সেয়ে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা শুক্ৰবাৰ দিনা দিনৰ ১ বজাত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এনআৰচিৰ ক্ষেত্ৰত বৰ্তমান চলি থকা ভূৱা নামধাৰী সংগঠনৰ কিছু সদস্যই মিছা আৰু ষড়যন্ত্ৰমূলক ভাবে কেৱল মুছলমান সম্প্ৰদায়ৰ ওপৰত অভিযোগ কৰা বুলি সংগঠনটোৱে গুৰুতৰভাৱে দৃষ্টিগোচৰ কৰি এনেকুৱা ভূৱা অভিযোগকাৰীৰ নাম আছে কিন্তু ঠিকনা নাই তেনে ক্ষেত্ৰত সেই অভিযোগকাৰীয়ে আজিলৈকে এটা হিয়াৰিংত উপস্থিত নোহোৱাত আশ্বৰ্য প্ৰকাশ কৰে৷

যিহেতু অভিযোগকাৰীৰ ক্ষেত্ৰত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই হিয়াৰিংৰ ক্ষেত্ৰত অভিযোগকাৰী নাম,ঠিকনা আৰু মোবাইল নম্বৰ থকাটো বাঞ্ছনীয় বুলি প্ৰত্যেক জিলা উপায়ুক্তলৈ নিৰ্দেশনা পঠাইছিল৷ সেই সংক্ৰান্তত যোৱা ৮/৫/১৯ তাৰিখে মহামান্য উচ্চতম ন্যায়্যালয়ে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সম্পূৰ্ণ দায়িত্ব দিয়াত আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ(ASSP)ৰ সভাপতি আব্দুল আজিজৰ নেতৃত্বত এটি সজাতি দলে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷

এনআৰচি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ চালি-জাৰি চাই সমস্যাৰ সমাধান কৰিব বুলি সংগঠনটোক আশ্বাস প্ৰদান কৰে ৷ লগতে সংগঠনটোৱে প্ৰতীক হাজেলাক বিশেষভাবে অনুৰোধ সহকাৰে কয় যে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ এজনো ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা বাদ নপৰে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীৰ নামো যাতে এন আৰ চিত সোমোৱাৱ নোৱাৰে তাৰ বাবে দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায় বুলি সংগঠনটোৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইনে বিবৃতিত জানিবলৈ দিয়ে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।