বিগত এটা মাহত দুই ফৈদৰ ধাৰাবাহিক সংঘাতত ৰক্তাক্ত হাজো, বহুলোকে মৃত্যুৰে যুঁজিছে চিকিৎসালয়ত

 08/10/2020 - 14:02

 


মৃদুল প্ৰীতম ডেকাঃ ভয়ংকৰ গোষ্ঠী সংঘৰ্ষৰ দিশে হাজো। বিগত এটা মাহত দুই ফৈদৰ ধাৰাবাহিক সংঘাতত ৰক্তাক্ত হাজো। দুই ফৈদৰ নিহত দুজন আহত অৰ্ধ শতাধিক লোক। আজি পুনৰ শনিয়াদিত আক্ৰমণ ১০ জনীয়া এটা শ্ৰমিকৰ দলক। বৰপেটাৰ পৰা হাজোৰ খোপনিকুছিৰ ঘৰলৈ উভতাৰ পথত গাড়ী ৰখাই আক্ৰমণ সকলো দৃশ্য বন্দী কেমেৰাত। যিয়ে যেনেকৈ পাইছে তেনেকৈ আক্ৰমণ কৰিছে শ্ৰমিকৰ দলটোক। এমাহ পূৰ্বে সাধাৰণ এটা গৰু চুৰি কেন্দ্ৰ কৰি হাজোৰ কোৱৰপুৰ অঞ্চলত সূত্ৰপাত হৈছিল কাজিয়া। আৰু সেই কাজিয়াই লৈছিল ভয়াবহ ৰূপ। দুই ফৈদৰ সংঘাত ৰক্তাক্ত হৈছিল হাজোৰ কোৱাৰপূৰ।

ফেচবুক LIVE কৰি কৰি ১৪ জুলাইত হত্যা কৰা হৈছিল এজনক। আৰু কিছুদিন পিছতে আনটো ফৈদৰ আন এজনক হত্যা। ঘনে ঘনে চলা আক্ৰমণ প্ৰত্যাক্ৰমনত আহত হৈছে অৰ্ধ শতাধিক লোক। কেইবাজনো লোকে মৃত্যুৰে যুজঁ দিছে চিকিৎসালয়ত। কাৰোবাৰ হাত কাটিছে কাৰোবাৰ ভৰি। মুঠতে এমাহ ধৰি হাজোৰ দুই ফৈদৰ সংঘাতৰ চূড়ান্ত ৰূপ। এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই পৰিস্থিতি। একাংশই এই ঘটনাক দিছে বঙালী মুছলমান অসমীয়া মুছলমানৰ যুজঁ বুলি। ভয় শংকাৰ মাজত দিন অতিবাহিত কৰিছে হাজোৰ কেইবাখনো গাঁৱৰ ৰাইজে। কাৰণ কোন মুহূৰ্তত কোনে আক্ৰমণ কৰে তাৰ নাই নিশ্চয়তা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।