অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ চান্দ মহম্মদৰ দেহাৱসান

 05/11/2019 - 15:08

বৰক্ষেত্ৰীঃ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ চান্দ মহম্মদৰ শনিবাৰে পুৱা চাৰি বজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।

১৯৭৯ ৰ পৰা ১৯৮৫ চনলৈ বিধানসভাৰ অধ্যক্ষৰ আসনত আছিল শ্বেখ চান্দ মহম্মদ। বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিধায়ক হিচাপেও নিৰ্বাচিত হৈছিল প্ৰাক্তন অধ্যক্ষগৰাকী।

আজি শেষকৃত্য সম্পন্ন কৰা হ'ব মহম্মদৰ। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।