'ষ্টুডেণ্ট অব দা ইয়েৰ-২'ৰ সুন্দৰ আৰম্ভণি

 05/11/2019 - 15:27

ডিজিটেল ডেস্ক: কালি মুক্তিলাভ কৰিলে 'ষ্টুডেণ্ট অব দা ইয়েৰ-২' নামৰ বলিউড ছবিখনে। এইখন ছবি পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি 'ষ্টুডেণ্ট অব দা ইয়েৰ'ৰ ছিকিৱেল। অভিনেত্রী তাৰা সুতাৰিয়া, অনন্যা পাণ্ডে আৰু অভিনেত্রী টাইগাৰ শ্ৰফে এই ছবিখনত অভিনয় কৰিছে।

ছবিখনৰ কাহিনী নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত যুৱচামে এই ছবিখন চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। মুক্তিৰ দিনটোতেই ছবিখনে ১১ৰ পৰা ১২ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

টাৰগাৰ শ্ৰফৰ আন ছবিসমূহতকৈ এইখন ছবিৰ কালেকছন যথেষ্ট সন্ত্তোষজনক বুলি ক'ব পাৰি। এই ছবিখনত থকা দুয়োগৰাকী অভিনেত্রীয়েই নৱাগতা। উল্লেখ্য যে 'ষ্টুডেণ্ট অব দা ইয়েৰ' ছবিখনেও ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।

ছবিখনত অভিনয় কৰিছিল বৰুণ ধাৱান, আলিয়া ভট্ট আৰু সিদ্ধাৰ্থ মালহোত্রাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।