নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়স্থিত ক'ভিড হাস্পতালত উপস্থিত নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া

 08/10/2020 - 19:50

 

নগাঁওঃ  নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়স্থিত ক'ভিড হাস্পতালত উপস্থিত নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া৷ বুজ ললে ক'ভিড আক্ৰান্তৰ সা-সুবিধা আৰু প্ৰত্যক্ষভাৱে চালে খাদ্যৰ মানদণ্ড৷ খাদ্য যোগানকাৰীক সতৰ্ক হ'বলৈ আৰু আক্ৰান্তকাৰীসকলকো সহযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়াই৷ উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা খাদ্য যোগানক লৈ উত্তপ্ত হৈছিল ক'ভিড হাস্পতালখন৷ উপায়ুক্ত গৰাকী প্ৰত্যক্ষভাৱে উপস্থিত হৈ পৰিবেশ বুজ লৈ খাদ্য নিৰীক্ষণ কৰাৰ বাবে আক্ৰান্তসকলেও ধন্যবাদ জ্ঞাপন কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।