বিদ্যুতৰ সংযোগ নাই অথচ ঘৰে ঘৰে আহিছে বিদ্যুতৰ বিল

 03/07/2019 - 15:54

ওৰাংঃ দূৰ দূৰণিলৈকে নাই বিদ্যুতৰ দেখাদেখি অথচ ঘৰে ঘৰে আহিছে বিদ্যুতৰ বিল। এনে আজৱ কাণ্ড সংঘটিত হৈছে এইখন অসমতে। সৌভাগ্য আঁচনিৰ বিদ্যুত যোগানৰ নামত ওৰাঙৰ মাজবাটত হোৱা এনে নাৰ্ভূত-নাশ্ৰুত কাণ্ডই সকলোৰে চকু কপালত তুলিছে। বিদ্যুত সংযোগ নোহোৱাকৈয়ে কেইবাখনো গাঁৱৰ নিৱাসী ঘৰত দিয়া হৈছে বিদ্যুতৰ বিল। মাজবাটৰ মাজবাট আৰু গোঁসাইভেটি গাঁৱত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুতৰ সংযোগ হৈছিল। পিছে গাওঁকেইখনৰ কোনো এঘৰতেই বৰ্তমানলৈকে হোৱা নাই বিদ্যুতৰ সংযোগ।

কিন্তু ঘৰে ঘৰে আহিছে এমাহৰ ২০০/৩০০ টকাৰ বিদ্যুতৰ বিল। বিদ্যুত সংযোগ নকৰাকৈয়ে বিদ্যুতৰ বিল দেখি এতিয়া হতবাক গাওঁকেইখনৰ লোকসকল। সৌভাগ্য আঁচনিৰ জৰিয়তে গাওঁ কেইখনলৈ কেৱল বিদ্যুতৰ খুঁটা আৰু তাঁৰহে টনা হল কিন্তু আজি পৰ্যন্ত বিদ্যুতৰ পোহৰ দেখা নাপালে গাওঁবাসীয়ে। অথচ বিদ্যুতৰ পোহৰৰ পৰিবৰ্তে বিদ্যুত ব্যৱহাৰ নকৰাকৈয়ে বিদ্যুতৰ বিলহে লাভ কৰিলে ২০-২৫ টা পৰিয়ালে। সৌভাগ্য আঁচনিৰ বিদ্যুত যোগানৰ নামত বিনামূলীয়া বিদ্যুতৰ মিটাৰ প্ৰদানৰ নামটো সংঘটিত হৈছে দুৰ্নীতি।

মাজবাট বিদ্যুত উপ সংমণ্ডলৰ অন্তৰ্গত বহুকেইখন গাঁৱত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুত সংযোগৰ কাম চলি আছে আৰু এই কামসমূহৰ ঠিকা লাভ কৰিছে এন এছ ইলেকট্ৰনিক নামৰ এটা সংস্থাই। সংস্থাটোৱে গোঁসাইভেটি গাঁৱত প্ৰতিঘৰ লোকৰ পৰা পাঁচশ টকাকৈ সংগ্ৰহ কৰি বিদ্যুতৰ মিটাৰ প্ৰদান কৰাৰ অভিযোগ ৰাইজৰ। ইফালে বিদ্যুৎ সংযোগ নকৰাকৈ আৰু ব্যৱহাৰ নকৰাকৈ বিদ্যুতৰ বিল অহাৰ বাবে মাজবাট বিদ্যুত উপ সংমণ্ডলৰ কাৰ্যালয়ত স্থানীয় লোকে বিষয়টো অভিযোগ কৰাত বিদ্যুতৰ মিটাৰ বাকচত ভৰাই থলেও বিল আদায় দিব লাগিব বুলিহে ৰাইজৰ আগত দায়িত্বহীন মন্তব্য কৰে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে। ইয়াকে লৈ মাজবাট অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।