ডিকম বাগিচাৰ কাণ্ডঃ ১৭ জনক গ্ৰেপ্তাৰ

 05/11/2019 - 15:48

ডিব্ৰুগড়ঃ ডিকম চাহ বাগিচাত ধুমুহা ঢেৰেকনিৰ সময়ত বাগিচাত পাত তুলি থকা এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচাখনৰ চিকিৎসক, ফাৰ্মাচিষ্ট আৰু পৰিচালকক আক্ৰমণ কৰাৰ অভিযোগত ১৭ জন শ্ৰমিকক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইতিমধ্যে বাগিচাখনৰ পৰিচালনা গোষ্ঠীয়ে মৃত মহিলাগৰাকীৰ নিকট আত্মীয়লৈ ১ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

বাগিচাখনৰ চিকিৎসক, ফাৰ্মাচিষ্ট আৰু পৰিচালকক আক্ৰমণ কৰা ঘটনাৰ পাছত বাগিচা কৰ্তৃপক্ষই অনিৰ্দিষ্ট কালৰ বাবে বাগিচাত তলা বন্ধ ঘোষণা কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।