গড়াখহনীয়াৰ ভয়াবহ ৰূপ: কাণসাৰ নাই জনপ্ৰতিনিধিৰ

 05/11/2019 - 16:42

হাটশিঙিমাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ শালমাৰাৰ কেইটাবাও অঞ্চলত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বানপীড়িত নৈপৰীয়া দক্ষিণ শালমাৰাৰ কেইবাটাও অঞ্চল টুমনি, পাটাকাটা, মাটিফাট চতলাৰ পাৰ, নয়াপাৰা, ডাকুৰভিটা ফকিৰগঞ্জ, হাজিৰহাট আদি অঞ্চলত ইতিমধ্যে তীব্ৰ গড়াখহনীয়াৰ সৃষ্টি হোৱাত অঞ্চলজুৰি হাহাকাৰৰ সৃষ্টি হৈছে। 

উল্লেখ্য যে দীৰ্ঘদিন ধৰি ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াৰ ফলত উক্ত অঞ্চলবাসী ৰাইজৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি আৰু বাসগৃহ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। ফলত ঘৰ দুৱাৰ ভাঙি বিভিন্ন ঠাইত অস্থায়ীভাৱে থাকিবলগীয়া হৈছে উক্ত অঞ্চলবাসী ৰাইজ। 

আনহাতে, ইয়াৰ স্থায়ী প্ৰতিৰোধ কৰি দক্ষিণ শালমাৰাবাসী ৰাইজক ব্ৰহ্মপুত্ৰৰ ভয়াবহ গড়াখহনীয়া কবলৰ পৰা ৰক্ষা কৰিবলৈ জনপ্ৰতিনিধি তথা চৰকাৰক দাবী জনায় দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থা তথা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।