সুখচৰৰ ব্ৰহ্মপুত্ৰ নদীত দুষ্ট চক্ৰই অবাধে চলাইছে খনন

 05/11/2019 - 16:51

দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা চৰসমূহৰ পৰা দিনে ৰাতি ২৫ ৰ পৰা ৩০ খনকৈ টেক্টৰৰ জৰিয়তে বছৰৰ পিছত বছৰ ধৰি একাংশ দুষ্ট চক্ৰই অবাধে চলাই আছে খনন কাৰ্য।

ক'বলৈ গ'লে নৈপৰীয়াবাসীৰ একমাত্ৰ জলন্ত সমস্যা হৈছে বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ ইতিমধ্যে জাঁহ গৈছে ব্ৰহ্মপুত্ৰত। নৈপৰীয়া ৰাইজে কেইবাবাৰো বাধা দিছিল কিন্তু বাধা নামানি একাংশ দুষ্ট চক্ৰই চলাই আছে খনন কাৰ্য।

নৈপৰীয়া বাসীয়ে শংকিত হৈ জিলা প্ৰশাসনক কেইবাবাৰো অভিযোগ দিয়া সত্বেও কোনোধৰণৰ ব্যৱস্থা লোৱা নাই বুলি দাবী জনাইছে স্হানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।