শিৱসাগৰত দুৰ্বৃত্তই লণ্ড ভণ্ড কৰিলে বিদ্যালয়

 05/11/2019 - 17:04

শিৱসাগৰঃ ৰাতি বিদ্যালয়ত প্ৰবেশ কৰিলে দুৰ্বৃত্ত। দিচাং শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহুকেইটা কোঠা লণ্ড ভণ্ড কৰি দুৰ্বৃত্তই নষ্ট কৰিলে বহু সামগ্ৰী।

শুক্ৰবাৰে পুৱা বিদ্যালয়ৰ এগৰাকী চকীদাৰে প্ৰথমে প্ৰত্যক্ষ কৰে এই কাণ্ড।তাৰ পিছতে পোহৰলৈ আহে এই কাণ্ড।

বিদ্যালয়খনৰ পুথিভঁৰাল, প্ৰধান শিক্ষকৰ কোঠাৰ লগতে পাঁচটা কোঠাৰ বহু টকাৰ সামগ্ৰী নষ্ট কৰি থৈ যায় দুৰ্বৃত্তই। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।