মৰণফান্দলৈ পৰিণত নগাঁও-ধিং গড়কাপ্টানি পথ 

 05/11/2019 - 17:56

টুকটুকীঃ সম্প্ৰতি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গড়কাপ্টানি বিভাগৰ জৰিয়তে কোটি-কোটি টকা ব্যয় কৰি ৰাজ্যৰ গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থা ব্যাপক উন্নয়ন সাধন কৰা বুলি দাবী কৰিলেও ইয়াৰ এক বিপৰীত ছবিহে স্পষ্টৰূপত জিলিকি উঠিছে নগাঁও জিলাৰ ধিঙত৷আনকি শেহতীয়াকৈ উল্লিখিত ধিঙত সংশ্লিষ্ট গড়কাপ্টানি বিভাগৰ চূড়়ান্ত দায়িত্বহীনতা তথা অৱহেলাৰ বাবেই বিধ্বস্ত যাতায়ত ব্যৱস্থাৰে অহা-যোৱা কৰি ৰাইজে চৰম যমৰ-যাতনা ভোগা বুলি এক গুৰুতৰ অভিযোগ উঠিছে৷

অভিযোগ মতে, অমনোযোগিতা তথা বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ ফলত নগাঁও-ধিং-ভূৰাগাঁও গড়কাপ্টানি পথৰ কদমনি জামতলৰ পৰা মৈৰাবাৰী পৰ্যন্ত পথছোৱা বৰ্তমান জহি-খহি প্ৰায় সম্পূৰ্ণ বিধ্বস্ত হৈ মৰণফান্দলৈ পৰ্যবসিত হৈছে৷বিগত সময়ছোৱাত অব্যাহত থকা ব্যাপক দুৰ্নীতিৰাজৰ ফলতেই এতিয়া চপৰা-চপৰে জহি-খহি পুখুৰী সদৃশ প্ৰকাণ্ড-প্ৰকাণ্ড দ-গাঁত পথছোৱাত সৃষ্টি হোৱা বুলি অভিযোগত প্ৰকাশ৷এতিয়া এজাক বৰষুণ পৰিলেই এই পুখুৰী সদৃশ গাঁতবোৰত পানী জমা হৈ বোকা-পানীৰে উপচি গুৰুত্বপূৰ্ণ পথছোৱা ৰাইজৰ বাবে পৰ্যবসিত হয় মৰণফান্দলৈ৷

যাৰফলত উক্ত বিধ্বস্ত পথছোৱাৰে অহা-যোৱা কৰি বৰ্তমান চৰম যমৰ-যাতনা ভূগিছে ৰাইজে৷ তদুপৰি ইয়াৰ ফলতেই পথছোৱাত প্ৰায় নিতৌ সংঘটিত সৰু-বৰ পথ দুৰ্ঘটনাকলৈ সাধাৰণ পথচাৰী সন্মুখীন হৈছে চৰম ভাবুকিৰ৷ইপিনে উক্ত বিধ্বস্ত পথছোৱাৰে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলকলৈয়ো বৰ্তমান চিন্তিত অভিভাৱক তথা স্থানীয় ৰাইজ৷বিশেষকৈ এই বিধ্বস্ত পথছোৱাত ৰোগীকলৈ অধিক বিপাঙত পৰিছে ৰাইজ৷কিন্তু আশ্চৰ্যজনক বিষয় এই যে, এইবোৰ দেখি-শুনিও গা লৰা নাই সংশ্লিষ্ট গড়কাপ্টানি বিভাগৰ৷আনকি সদ্য অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত যোৱা ৯ মাৰ্চত বিভাগে   উন্নয়নৰ স্থবিৰতাৰ দোহাই দি স্থানীয় বিধায়িকাৰ উপস্থিতিত ৰাজ্যৰ নগৰ উন্নয়ন (স্বতন্ত্ৰ) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাৰ দ্বাৰা এই বিধ্বস্ত পথছোৱাৰ মেৰামতি কাম খৰটকীয়াকৈ শুভাৰম্ভ কৰিছিল যদিও পিছত ৰহস্যজনকভাবে আজি পৰ্যন্ত পথছোৱাত সংশ্লিষ্ট বিভাগে মেৰামতি নকৰা বুলি অভিযোগত প্ৰকাশ৷

ফলত পথছোৱাত বিভাগীয় ঠগ-প্ৰবঞ্চনাৰ বাবে সু-যাতায়তৰ অভাৱত দূৰ্ভোগ ভুগি ক্ষুদ্ধ হৈ পৰিছে জিলাখনৰ বৃহত্তৰ পশ্চিমাঞ্চলৰ ৰাইজ৷ইপিনে দৈনিক প্ৰায় পাঁচ হাজাৰোধিক সৰু-বৰ যান-বাহন  চলাচল কৰা উক্ত বিধ্বস্ত পথছোৱাৰে নিতৌ ট্ৰাকে-ট্ৰাকে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে বহি-ৰাজ্যলৈ ৰপ্তানী হয় শ-শ টন কৃষি উৎপাদিত নানা সা-সামগ্ৰী৷কিন্তু বিধ্বস্ততাই বৰ্তমান পথছোৱা গ্ৰাস কৰাত ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে স্থানীয় কৃষক ৰাইজো৷ উল্লেখ্য যে,ইয়াৰ পিছতো এনে এক অতি ব্যস্ত গুৰুত্বপূৰ্ণ পথ আশ্চৰ্যজনকভাবে পৰিত্যক্ত হৈ থকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীলোকে৷ স্মৰ্তব্য যে,বিগত সময়ছোৱাত ধিং, বটদ্ৰবা, কদমনি, ধুপগুৰি, টুকটুকী, বেছামাৰী,ডুমডুমীয়া,কান্ধুলীমাৰী, লহকৰ,নিজ ধিং, মৈৰাবাৰী, লাহৰীঘাট, ভোমোৰাগুৰি আৰু ৰাইদঙীয়াকে আদিকৰি জিলাখনৰ পশ্চিমাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভুমিকা পালন কৰি আহিছে এই পথটোৱে৷

সেয়ে মৰণফান্দলৈ পৰ্যবসিত হৈ চৰম ভাবুকি প্ৰদান কৰা তথা উল্লেখিত অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰবল বাধাস্বৰূপ হৈ পৰা এই বিধ্বস্ত পথছোৱা অতিশীঘ্ৰে মেৰামতি কৰাৰ ক্ষেত্ৰত জিলা উপায়ুক্তসহ ৰাজ্য চৰকাৰৰ তৎকালীন হস্তক্ষেপ কামনা কৰিছে  ক্ষতিগ্ৰস্ত ৰাইজে৷ইপিনে ধিং আছুৱেও উক্ত বিধ্বস্ত পথছোৱা শীঘ্ৰে মেৰামতি নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী পদক্ষেপ গ্ৰহন কৰিবলৈ বাধ্য হ'ব বুলি প্ৰশাসন তথা ৰাজ্য চৰকাৰক সকিয়াই দি আজি আনুষ্ঠানিকভাবে স্থানীয় ধিং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলাৰ উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ধিং আঞ্চলিক ছাত্ৰ সন্থাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।