কোকৰাঝাৰত বজ্ৰপাতত পিতা-পুত্ৰসহ নিহত তিনিঃ আহত ৬

 05/11/2019 - 18:12

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত আজি বজ্ৰপাত পৰাৰ ফলত পিতা-পুত্ৰ নিহত হোৱাৰ লগতে শিশু, মহিলাসহ আন পাঁচগৰাকী ব্যক্তি আহত হোৱাৰ এক কৰুণ ঘটনা সংঘটিত হৈছে।মূলত কোকৰাঝাৰ জিলাৰ কচুগাঁও অঞ্চলত আজি প্ৰকৃতিয়ে তাণ্ডৱ চলায়। প্ৰচণ্ড বৰষুণৰ পিছতে কচুগাঁও অঞ্চলৰ কেবাঠাইত বজ্ৰপাত পৰাত জনসাধাৰণ আতংকিত হৈ পৰে।

জিলাখনৰ কচুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত টাকামপুৰ বাথৌপুৰী গাঁৱৰ নৰেশ্বৰ বসুমতাৰী(৫৫) আৰু পুত্ৰ লক্ষণ বসুমতাৰী (৩৫) বজ্ৰপাতৰ ফলত নিহত হোৱাৰ লগতে একেটা পৰিয়ালৰে যতন বসুমতাৰীৰ সন্তান মাণিক বসুমতাৰী(৩)ও বজ্ৰপাত পৰাৰ ফলত গুৰুতৰভাৱে আহত হয়। তদুপৰি কচুগাঁও থাইছৌগুৰী গাঁৱৰ বীনা বসুমতাৰী(৪৫), মদন নাৰ্জাৰীৰ কণমানি ছমহীয়া সন্তান ধনী নাৰ্জাৰী গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

একেদৰে কচুগাঁও দুৰাবিল গাঁৱৰ বালাই ব্ৰহ্মা(৪০) আৰু কচুগাঁও নবীন নগৰ গাঁৱৰ দয়াবতী ৰাভা(৬০) ও বজ্ৰপাতত গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। কচুগাঁও অঞ্চলত বজ্ৰপাতৰ ফলত একেটা পৰিয়ালৰে দুজন আৰু অঞ্চলটোৰ শিশু মহিলাসহ পাঁচগৰাকী কৈ লোক আহত হোৱা ঘটনাই অঞ্চলটোৰ লোকসকলক আতংকিত কৰি তুলিছে ।ইপিনে শেহতীয়া বাতৰিমতে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বংশীঝোৰাত বজ্ৰপাতৰ ফলত ৰহিত টপ্প আৰু তেওঁৰ কণমানি সন্তান জীৱিত টপ্প গুৰুতৰভাৱে আহত হয় যদিও কণমানি সন্তানগৰাকীয়ে পিছত মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে পিতৃ ৰহিত টপ্প গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।