সমাপ্ত হ'ল পুৰণিগুদামৰ ঐতিহাসিক মিনাৰ স্থানান্তকৰণৰ কাম

 05/12/2019 - 11:48

চামগুৰি: পুৰণিগুদামৰ হিন্দু-মুছলমানৰ ঐক্য-সম্প্ৰতিৰ ৰঙাচূড়া স্বৰূপ বৰ মছজিদৰ মিনাৰটোৰ কাম সমাপ্ত হ'ল। বিগত প্ৰায় এমাহৰ পৰা মিনাৰটো স্থানান্তৰকৰণৰ কাম হাতত লোৱাৰ পাছতেই প্ৰতিকূল বতৰকো নেওচি ক্ষীপ্ৰগতিত মিনাৰ স্থানান্তকৰণৰ কাম আগবঢ়াৰ পাছতেই ইতিমধ্য বৰ্তমান সম্পূৰ্ণ হ'ল মিনাৰটোৰ ৭৫ ফুট স্থানান্তৰৰ প্ৰক্ৰিয়া।

উল্লেখ্য যে ১৯০২ চনতে স্থানীয় ছাজিদুৰ ৰহমানৰ মাতৃৰ আৰ্থিক সাহাৰ্যৰে সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে অৰ্থাৎ চিমেন্টৰ পৰিৱৰ্তে হাঁহৰ কণী, ধূনা, মাটিমাহ আৰু লোৰ ঠাইত পকা বাহেঁৰে নিৰ্মাণ কৰা মিনাৰটোৰ সাম্ভাৱ্য উচ্ছেদ জাননী পাই নিৰাশ হোৱা পুৰণিগুদামবাসীয়ে চৰকাৰী পক্ষক বাৰে বাৰে আৱেদন-নিবেদন কৰিছিল যদিও ঐতিহাসিক এই পৌৰাণিক কীৰ্ত্তিস্তম্ভতো ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

শাসনাধিষ্ঠ চৰকাৰক পুৰণিগুদামৰ আঞ্জুমান-ই-ইছলামীয়া নামৰ সংগঠনটোৰ লগতে পুৰণিগুদামৰ বহু স্থানীয় সমাজ সচেতন ব্যক্তিয়ে আৱেদন-নিবেদন কৰিছিল যদিও চৰকাৰে মছজিদ সমিতিক মিনাৰটো উচ্ছেদৰহে নিৰ্দেশ দিছিল। পাছত ঐতিহাসিক মিনাৰটোলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে অহা ভাবুকিৰ কথা জানিব পাৰি যোৰহাটৰ যুৱক ৱাকিল আহমেদ আগবাঢ়ি আহি প্ৰথমে এক থলুৱা প্ৰযুক্তিৰ জৰিয়তে মিনাৰ স্থানান্তৰকৰণ সম্ভৱ হ'ব পাৰে বুলি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি বৰ্তমান কৰ্মৰত "আৰ আৰ এণ্ড চনছ" নামৰ কোম্পানীটোৰ লগত যোগসূত্ৰ স্থাপন কৰি দিছিল।

ইয়াৰ পাছতেই পুৰণিগুদামৰ আঞ্জুমান-ই-ইছলামীয়া সমিতিৰ বিশেষ প্ৰচেষ্টাত হাৰিয়ানাৰ আৰআৰএণ্ডচনচ নামৰ কোম্পানীটোৱে ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছিল স্থানান্তৰ প্ৰক্ৰিয়া। আনফালে অসমৰ বিভিন্ন ঠাইৰ বহু লোকে পুৰণিগুদামবাসীৰ এই চিৰস্মৰণীয় কাৰ্যত নিজেও সহযোগ তথা অংশগ্ৰহণ কৰাত ইতিমধ্য উৎফুল্লিত হৈ পৰিল পুৰণিগুদামবাসী।

ইফালে উত্তৰ-পূৱৰ ভিতৰতে পৌৰাণিক কীৰ্ত্তিস্তম্ভ ৭৫ ফুট স্থানান্তৰকৰণৰ কাম পুৰণিগুদামৰ মিনাৰটোৱেই প্ৰথম হোৱা বুলি উল্লেখ কৰি আৰআৰএণ্ডচনচৰ স্বতাধিকাৰী গুৰদ্বীপ সিঙে এই মিনাৰটোৱে সগৌৰৱে নিৰ্ধাৰিত স্থানত স্থাপিত হৈ ইতিহাসৰ সাক্ষী হৈ ৰোৱাৰ লগতে পুনৰ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বাৰ্তা বহন কৰিব বুলি মন্তব্য কৰে।

আনহাতে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ভাবুকি অহা মিনাৰটো ইতিমধ্য স্থানান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও পৰবৰ্তী কিছু মেৰামতি কাম সম্পূৰ্ণ হোৱাৰ পাছতেই পৱিত্ৰ ৰমজান মাহৰ অন্তত হ'বলগীয়া পৱিত্ৰ ইদৰ দিনাহে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি আঞ্জুমান-ই-ইছলামীয়া কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।