বৰপেটাত অবৈধ কাঠৰ দোকান বন্ধ বন বিষয়াৰ

 05/12/2019 - 12:07

বৰপেটা: শনিবাৰে বৰপেটা জিলাৰ বহৰি গাওঁত বন বিষয়াৰ দল এটি উপস্থিত হৈ অবৈধভাবে চলি থকা কাঠৰ দোকানসমূহত তলা লগাই দিয়ে ৷ দোকানসমূহে বিগত প্ৰায় দুবছৰ ধৰি কোনো ধৰণৰ পাৰ্মিট নথকাকৈয়ে দোকান চলাই আহিছিল৷

স্থানীয় লোকৰ অভিযোগত বন বিষয়াৰ দলটোৱে অবৈধভাবে চলি থকা দোকানসমূহ বন্ধ কৰি দিয়ে৷ লগতে ভক্তদবাৰ জিৰ বজাৰত থকা এটি কাঠফলা মিলৰ সা-সামগ্ৰীসমূহ হস্তগত কৰে৷ আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গোপনকৈ চলি থকা দুটা মাটি তোলা মেচিন উদ্ধাৰ কৰে৷

লগতে বহৰি মিনি ষ্টেডিয়ামৰ সন্মুখত থকা বন বিষয়াৰ কাৰ্যালয়টোৰ সীমাসমূহ নিৰ্ধাৰণ কৰে বন বিষয়াৰ দলটোৱে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।