নলবাৰীত যুৱকে দেখুৱালে মানৱতাৰ নিদৰ্শন

 05/12/2019 - 12:32

নলবাৰী: নলবাৰীত মানৱতাৰ জয়গান। হয়, মানৱতাৰ বাবেই সুদুৰ মহাৰাষ্ট্ৰৰ পৰা অসমলৈ অহা কেইগৰাকীমান অসহায় লোকক সহায় কৰিলে নলবাৰীৰ যুৱকে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ পৰা অসমলৈ কামৰ সন্ধানত ৰে'ল যোগে আহিছিল এটা পৰিয়াল।

গোটেই পৰিয়ালৰ সদস্যসহ ৰে'লযোগে অসমলৈ অহা ব্যক্তিগৰাকীক নলবাৰীত ৰে'লৰ পৰা নমাই দিয়ে টিটিয়ে। অসহায় হৈ নলবাৰীৰ ৰে'ল ষ্টেচনৰ আশে পাশে অনাই বনাই ঘূৰি থকা দেখি কাষ চাপি আহিল স্থানীয় কেইগৰাকীমান যুৱক।

অৱশেষত এই যুৱককেইজনে পইচা সংগ্ৰহ কৰি পুনৰ ৰে'লৰ টিকট কাটি উভটাই পঠিয়ালে পৰিয়ালটোক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।