এনআৰচি বিষয়ক আছুৰ সংবাদমেল

 05/12/2019 - 13:22

নলবাৰী: এনআৰচি বিষয়ক শনিবাৰে নলবাৰীত আছুৰ সংবাদমেল অনুষ্ঠিত হয়। নলবাৰীৰ শ্বহীদ ভবনত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য। এনআৰচি সম্পৰ্কে আপত্তি দৰ্শোৱা লোকক ভাবুকি দিয়া কাৰ্যত উদ্বেগ প্ৰকাশ সমুজ্জ্বল ভট্টাচাৰ্যৰ। সংবাদমেলত তেওঁ উল্লেখ কৰে যে ১৯৭১ চনৰ আগত হিন্দু মুছলমান সকলো লোকক সামৰি এখন শুদ্ধ এনআৰচি প্ৰস্ত্তত হ'ব লাগিব। ১৯৭১ চনৰ পিচত অহা কোনো বাংলাদেশীৰ বোজা গ্ৰহণ কৰা নহ'ব বুলিও স্পষ্ট কৰিলে ভট্টাচাৰ্যই।

বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ এনআৰচি প্ৰস্ত্ততৰ বাবে এনআৰচিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলক জাতীয়তাবোধ আগত ৰাখি কাম কৰিবলৈ আহ্বান জনায় ভট্টাচাৰ্যই। আছু আৰু ত্ৰিশ সংগঠনে অহৰহ শুদ্ধ এনআৰচিৰ বাবে কাম কৰি আছে আৰু কৰি থাকিব এইক্ষেত্ৰত কাৰো ভাবুকিলৈ কেৰেপ নকৰে বুলিও তেওঁ মন্তব্য কৰে। অসমত বসবাস কৰা সকলো ধৰ্মালম্বী, জাতি-জনগোষ্ঠীক সাঙুৰি শুদ্ধ এনআৰচি প্ৰস্তুত হ'ব বুলি আশা কৰিছে আছুয়ে। ১৯৭১ চনৰ আগত অহা হিন্দু-মুছলমান সকলোকে সাঙুৰি লোৱা হ'ব৷

কিন্তু ইয়াৰ পিছত অহা কাৰোৰে বোজা নলয় অসমে৷ একমাত্ৰ খিলঞ্জীয়াক প্ৰাধান্য দিয়া হ'ব এনআৰচিত। অবৈধ বাংলাদেশী বিতাড়ন কৰাৰ ক্ষেত্ৰত চৰকাৰে হেমাহি কৰাৰ অভিযোগ ভট্টাচাৰ্যৰ। শেহতীয়াভাৱে চৰকাৰে ডিটেনচন কেম্পত থকা বাংলাদেশীসকলক মুকলি কৰি দিব বিচৰাত তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

ইয়াৰ পৰিৱৰ্তে শীঘ্ৰে বাংলাদেশী চিনাক্ত কৰি বহিষ্কাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান আছুৰ। ঠায়ে ঠায়ে এনআৰচি সম্পৰ্কে আপত্তি দৰ্শোৱা আপত্তিকাৰীক ভাবুকি দিয়া হৈছে বুলি কোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে সমুজ্জ্বল ভট্টাচাৰ্যই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।