কাকপথাৰত CAA আৰু EIA বাতিলৰ লগতে অখিল গগৈৰ মুক্তিৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ বৃহৎ মানৱ শৃংখল

 08/17/2020 - 15:43


কাকপথাৰঃ কাকপথাৰত অব্যাহত আছে CAA আৰু EIA লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ৷ ৰুদ্ধ হোৱা নাই কাকপথাৰৰ সংগ্ৰামী জনতাৰ কন্ঠ৷ প্ৰতিকূল বতৰকো নেওচি CAA আৰু চৰকাৰ বিৰোধী শ্ল’গানেৰে কঁপি উঠিল আজি কাকপথাৰৰ আকাশ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, কাকপথাৰ, ডুমডুমা, ফিল’বাৰী, ডাঙৰী, ছৈখোৱা, শদিয়া আঞ্চলিক সমিতিৰ সহযোগত প্ৰায় পাঁচ শতাধিক নেতা কৰ্মীয়ে বৃহৎ মানৱ শৃংখলেৰে কাকপথাৰত সাব্যস্ত কৰিলে প্ৰতিবাদ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ চহৰ আজি স্তব্ধ কৰি বৃহৎ মানৱ শৃংখলেৰে CAA, EIA বাতিল অখিল গগৈৰ মুক্তিৰ দাবীত AJYCP এ উত্তাল কৰি তোলে কাকপথাৰ৷

ক্ষুদ্ৰ চহৰখনৰ মাজমজিয়াত গ্ৰহণ কৰা কাৰ্যসূচীত প্ৰতিবাদ কাৰীসকলে "অখিল গগৈক মুক্তি দিয়ক", "নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল কৰক", " ই:আই:এ:-২০২০ খচৰা বাতিল কৰক", "অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰক","কা আমি নামনো", "বিজেপি নিপাত যাওঁক", "বিজেপি গ'বেক", "দিল্লীৰ দাদাগিৰি নচলিব", আদি বিভিন্ন শ্ল’গানেৰে কাকপথাৰৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ লগতে EIA খচৰা অনতিপলমে বাতিল কৰাৰ সমান্তৰালকৈ কৃষক নেতা অখিল গগৈক বে-আইনীভাবে ৰাজ্য চৰকাৰে কাৰাবাসত আৱদ্ধ কৰি ৰখা কাৰ্যক দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।