জম্মুত পুনৰ সন্ত্ৰাসবাদৰ আতংক

 03/07/2019 - 16:07

ডিজিটেল ডেস্কঃ কাশ্মীৰ ভূমিৰ পুলৱামাত সন্ত্ৰাসবাদৰ আতংক মাৰ নৌযাওঁতেই পুনৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰে জম্মুত৷ খবৰ অনুসৰি জম্মুৰ বাছষ্টেণ্ডত সন্ত্ৰাসবাদীয়ে গ্ৰেণেড দলিয়াই থৈ গৈছিল৷ এই কথা সংবাদ মাধ্যমক জনায় আই জি পি এমকে সিনহাই৷ এই আক্ৰমণৰ ফলত ১৮ জনতকৈও অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে আৰু আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ সম্প্ৰতি জম্মুৰ প্ৰশাসন ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।