ছমাহ নহওঁতেই ৰজাদুৱাৰ ঘাটত চলাচল কৰা বুৰাদিয়া ফেৰীৰ ইঞ্জিন বিকল

 05/12/2019 - 13:34

উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ফেৰীকলৈ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ ভেকোঁভাওনা কোনো নতুন কথা নহয়। শনিবাৰে তেনে এক পৰিস্থিতিৰ সৃষ্টি হ'ল পাঁচ মাহ পূৰ্বে মহাবাহু ব্ৰহ্মপুত্ৰত মেলি দিয়া বুৰাদিয়া ফেৰীৰ ক্ষেত্ৰত। মনিকৰ্ণেশ্বৰৰ পৰা ৩.৩০ বজাত গুৱাহাটী অভিমুখে যাত্ৰা কৰিবলগীয়া বুৰাদিয়া ফেৰীখনৰ এটা ইঞ্জিন বিকল হোৱাৰ বাবে সময়তকৈ ১২ মিনিট সময় পিছত যাত্রা আৰম্ভ কৰে ফেৰীখনে।

এটা ইঞ্জিন বিকল হোৱাত আন এটা ইঞ্জিনেৰেই জাহাজখন গুৱাহাটী অভিমুখে ৰাওনা হয় বুলি যাত্ৰীয়ে জানিবলৈ দিছে। এতিয়া বাৰিষাৰ সময়ত মহাবাহুৰ ওপৰেদি এটা ইঞ্জিনেৰে যাত্ৰা কৰা অতি ভয়াবহ হোৱা স্বত্বেও উপায়ন্তৰ যাত্ৰীয়ে এটা ইঞ্জিনেৰেই শংকিত হৈ যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে। ইঞ্জিন বিকল হোৱা বুৰাদিয়া ফেৰীখন নিৰ্বাচনৰ পূৰ্বে নতুনকৈ সেৱাত সংযোজিত হৈ বৰ্তমান গুৱাহাটী ৰজাদুৱাৰ ঘাটত চলাচল কৰি আছে।

নতুন জাহাজ পাই যাত্ৰীসকলে সংৰক্ষিত অনুভৱ কৰিছিল যদিও ছয়মাহ সম্পূৰ্ণ নহওঁতেই জাহাজৰ ইঞ্জিন বিকল হোৱাত যাত্ৰীসকল হতাশ হৈ পৰিছে। আনহাতে জাহাজখনৰ ইয়াৰ বাদেও আন বহুতো বিসংগতি আছে বুলি যাত্ৰীসকলে আশংকা কৰিছে। এতিয়া বাৰিষাৰ আৰম্ভণিত কম পানীতে জাহাজ আৰু ফেৰীৰ এই অৱস্থা হ'লে ভৰ বাৰিষা জল যাতায়ত সুৰক্ষিত হ'বনে ইয়াক লৈ যাত্ৰীসকলৰ মনত নানা প্ৰশ্নৰ উদয় হৈছে।

সেয়েহে জল যাতায়াত কৰি অহা যাত্ৰীসকলে উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ফেৰীসমূহত চলি অহা এনে কিছুমান বিসংগতি শীঘ্ৰে দূৰ কৰি যাত্ৰীসকলক শংকাৰ সন্মূখীন নকৰাই সুৰক্ষিত সেৱা আগবঢ়াবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু মন্ত্ৰীৰ লগতে চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।