ৰে'লত সুৰক্ষিত নহয় যাত্ৰী: সন্ধানহীন বাক্সাৰ যুৱক

 05/12/2019 - 14:01

গোৰেশ্বৰ: ৰে'লগাড়ীত সুৰক্ষিত নহয় ৰে'লযাত্ৰী৷ ৰে'লযাত্ৰীৰ ওপৰত শেনচকু দুৰ্বৃত্তৰ৷ তেনে এক শেনচকুৰ বলি অসমৰ যুৱক৷ নাম প্ৰণৱ দাস৷ বাক্সা জিলাৰ সোনমহৰিৰ চিন্তাপাৰা গাঁওৰ প্ৰণৱে বিগত প্ৰায় চাৰি বছৰ পূৰ্বে মুম্বাইত মাছ কোম্পানীত কাম কৰিব গৈছিল আৰু দুই এবাৰ ঘৰলৈ আহ-যাহ কৰিছিল৷

যোৱা ৮মে’ত ঘৰলৈ বুলি লোকমান্য তিলকনগৰ ষ্টেচনত ৰে'লগাড়ীত উঠিছিল প্ৰণৱ৷ ১৫৬৪৫ নম্বৰ ৰে'লগাড়ীখনৰ S-১ দবাৰ ৪৬ নং আসনত বহিছিল প্ৰণৱ আৰু একে গাঁৱৰে বন্ধু কৈলাস দাসৰ লগত ম'বাইলতে যোগাযোগ ৰাখিছিল৷ পাছত ৯ মে’ৰ নিশা প্ৰায় ১১-২৫ বজাত প্ৰনৱৰ শেষবাৰৰ বাবে কৈলাসলৈ ফোন এটা আহিল৷ দাদা মই নবাচো৷ মোক ৪/৫ জনীয়া কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিব ধৰিছে৷ মই এতিয়া প্ৰচাৱ গৃহত আছো অলপ পিছতে কাটিহাৰ ষ্টেচন পাম৷ এইদৰে সংযোগ বিচ্ছিন্ন হ'ল প্ৰণৱৰ৷ আজিও চুইট অফ হৈ আছে প্ৰণৱৰ ৯৩৭২৫২০৩৯৬ নম্বৰটো।

ইতিমধ্যে পৰিয়ালৰ লোকে গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও সুংশুত্ৰ লাভ কৰা নাই প্ৰণৱৰ৷ ইপিনে ১০মে’ত নিজ ঘৰ আহি পাবলগীয়া পুত্ৰৰ অনুপস্হিতিয়ে চিন্তাত পেলাইছে পৰিয়ালক৷ কোনো দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে নেকি প্ৰণৱে৷ এনেবোৰ প্ৰশ্নৰ বাবে কান্দোনৰ ৰোল বৈছে এতিয়া পৰিয়ালত৷ এতিয়াও দুশ্চিন্তাত আছে পৰিয়ালটো৷ সেইয়া যিয়েই নহওঁক ৰে'লগাড়ী যাত্ৰা যে সুৰক্ষিত নহয় পুনৰবাৰ এই ঘটনাটোৰ জৰিয়তে পোহৰলৈ আহিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।