মানকাচৰৰ বৰঝোৰাত ধুমুহাৰ তাণ্ডৱ

 05/12/2019 - 14:22

দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলা অসম মেঘালয় সীমান্তৰ মানকাচৰৰ বৰঝোৰাত ধুমুহাৰ তাণ্ডৱ। নিশা প্ৰায় ৯ মান বজাত অহা ধুমুহা বৰষুণে গাঁওখনৰ প্ৰায়বোৰ ঘৰৰে মূধচ উৰুৱাই নিয়ে। এই ধুমুহাৰ ফলত অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হয়।

উৰুৱাই নিলে বিদ্যালয়ৰ ঘৰৰ মূধচ, উভালি পৰিল বিদ্যুতৰ খুঁটা, উছন হ'ল ঘৰৰ ভেটি, গছ ভাঙি পৰিল ঘৰৰ ওপৰত, ঘৰৰ টিনপাত উৰুৱাই নিলে পথাৰত, ধ্বংসস্তুপত পৰিণত হ'ল ঘৰৰ আচবাব পত্ৰ। হাহাকাৰ সৃষ্টি হৈছে গাঁওখনত।

প্ৰায় ৩০ টা পৰিয়ালৰ ৬০টাতকৈও অধিক ঘৰ ধংসস্তুপত পৰিণত হ'ল। নুৰ নবি মিঞা, মঞ্জু মিঞা, আনচাৰ আলি, লুলু মিঞা, হামিদুৰ ৰহমান, অহিদুৰ ইছলাম, কৰমতুল্লা, আদাহাম মিঞা, কজিম মিঞাকে ধৰি বহুতৰে ঘৰ, ঘৰৰ বয় বস্ত্ত ধংসস্তুপত পৰিণত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।