বঙাইগাওঁ জিলাৰ বাশবাৰী-ওচমানি বজাৰৰ শোচনীয় ৰাস্তা: যন্ত্রণাত ভুগিছে গাওঁবাসী

 05/12/2019 - 15:01

কলগাছিয়া: বঙাইগাঁও জিলাৰ অন্তৰ্গত ৭ নং বাশবাৰী-ওচমানী বজাৰৰ পৰা গোলাপাৰালৈ যোৱা একমাত্র ৰাস্তাৰ শোচনীয় অৱস্হাৰ কাৰণে মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক তথা ৬নং বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আৰফান আলীৰ লগতে একাংশ স্হানীয় ৰাইজে জাঙুৰ খাই উঠিছে।

আলী আৰু স্হানীয় ৰাইজে জানিব দিয়া মতে স্হানীয় বিধায়ক আব্দুল হাই নাগৰীয়ে কেৱল নিৰ্বাচনৰ সময়তহে উক্ত অঞ্চলত ভোট ভিক্ষা কৰিবলৈ আহে। সেই অঞ্চলৰ গাতে লাগি থকা একমাত্র বিদ্যালয় ৭নং বাশবাৰী এমই স্কুলৰ প্রায় দুই শতাধিক ছাত্র-ছাত্রীয়ে বৰ কষ্টেৰে বিদ্যালয়লৈ আহিব লগা হয়।

ইয়াৰ বাবে কণ-কণ ছাত্র-ছাত্রীসকলে অসম চৰকাৰ মূৰ্দাবাদ, আব্দুল হাই নাগৰী মূৰ্দাবাদ ধ্বনিৰে প্রতিবাদ সাব্যস্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।