ঘোঁৰাগাড়ীত উঠি বিহু চাবলৈ আহিল বিটিচিৰ এগৰাকী কাৰ্যবাহী সদস্য

 05/12/2019 - 16:30

গোৰেশ্বৰ: এখন ঘোঁৰাগাড়ী৷ এক উখলমাখল পৰিৱেশ৷ বেণ্ডপাৰ্টীয়ে বজাইছে বেণ্ড, নচাই নাচিছে৷ এইয়া কোনো বিয়াৰ দৰাক আদৰাৰ দৃশ্য নহয়৷ এইবাৰ ঘোঁৰাগাড়ীত বিটিচিৰ এগৰাকী ইএমক আদৰাৰ দৃশ্য। গোৰেশ্বৰৰ উত্তৰ কাৰিপাৰাবাসীয়ে ঘোঁৰাগাড়ীৰে বিহুমঞ্চলৈ আদৰিছে ইএমগৰাকীক৷

ৰাজ্যত এতিয়া ব'হাগী বিদায়ৰ অনুষ্ঠান৷ বিহুৰ মঞ্চত ঢোল পেপা গগনাৰ মাতত ৰজনজনাইছে চৌপাশ৷ অসমীয়াৰ এই বাপতি সাহোন ৰঙালী বিহুৰ আমন্ত্ৰিত অতিথি কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীক ৰাইজে ঘোঁৰাগাড়ীৰ ৰথত উঠাই আদৰি আনিলে বিহু মঞ্চলৈ৷ ঘোঁৰাগাড়ীত আহিল বিটিচিৰ ইএম মহেশ্বৰ বসুমতাৰীয়ে৷ এইয়া ইএমগৰাকীৰ নিজা ঘোঁৰাগাড়ী নহয়৷ উত্তৰ কাৰিপাৰাবাসীয়ে ইএমগৰাকীক আদৰাৰ বাবে অনা ঘোঁৰাগাড়ীহে।

ৰাইজৰ বাবে কাম কৰিছে ইএমগৰাকীয়ে সেয়ে ঘোঁৰাগাড়ীটো উঠাইছে৷ বিটিচিৰ ইএমগৰাকীয়ে উত্তৰ কাৰিপাৰাবাসী ৰাইজক এখন স্থায়ী মঞ্চ নিৰ্মাণ কৰি দিয়াৰ পিছতে উৎফুল্লিত হৈ গাঁওবাসীয়ে ইএম গৰাকীক সন্মান স্বৰূপে এইদৰে বিহু মঞ্চলৈ আদৰি আনে৷ বিহু উদ্বোধন কৰি ইএম গৰাকীয়ে ৰাইজক উদ্দেশ্যি ভাষণ দি ৰাইজৰো শলাগ লয়৷।

এইদৰে শনিবাৰে উত্তৰ কাৰিপাৰাৰ ৰঙালী বিহুত বিটিচিৰ ইএমক ঘোঁৰাগাড়ীত দেখি উৎফুল্লিত হৈ পৰে ৰাইজ৷ ঘোঁৰাগাড়ীত উঠি বিহু চাবলৈ আহি উৎফুল্লিত হৈ পৰে ইএমগৰাকীও৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।