গৰাখহনীয়াত নিঃশেষ হৈছে ৪নং ভগামুখবাসীৰ সপোন

 05/12/2019 - 18:17

চামগুৰি: চামগুৰিৰ নিকটৱৰ্তী লাওঁখোৱা-ভূৰবন্ধাৰ ৪নং ভগামুখত এতিয়া সৃষ্টি হৈছে ব্যাপক গৰাখহনীয়া। বিগত বহু বছৰ ধৰি বান-গৰাখহনীয়াত আক্ৰান্ত অঞ্চলটোত পুনৰ আৰম্ভ হোৱা গৰাখহনীয়াৰ ফলত এতিয়া পলকতে নিঃশেষ হৈছে ৪নং ভগামুখৰ নৈপৰীয়া ৰাইজৰ ঘৰ-বাৰী, নিশ্চিহ্ন হৈছে খেতি-মাটি।

এতিয়া ইয়াৰ বাবে নিজৰ সপোনৰ ঘৰখন ভাঙি-চিঙি নিৰাপদ আশ্ৰয় বিচাৰি ঢাপলি মেলিবলৈ বাধ্য হৈছে গাওঁখনত গঞাই। উল্লেখযোগ্য যে ৪নং ভুৰবন্ধাৰ ভগামুখত ক্ৰমশঃ বৃদ্ধি পাই অহা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ বাবে যোৱা বছৰো ৪নং ভগামুখ গাওঁৰ প্ৰায় শতাধিক দৰিদ্ৰ কৃষকৰ পৰিয়ালে নিজৰ সকলো হেৰুৱাই আঁতৰি গৈছিল সমীপৱৰ্ত্তী অঞ্চললৈ।

কিন্তু অতি উদ্বেগজনকভাবে আজি পৰ্যন্ত কেৱল কথাৰ ফুলজাৰিৰ বাহিৰে একো ব্যৱস্থাই নল'লে জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীৰ লগতে অকৰ্মণ্য সংশ্লিষ্ট বিভাগটোৱে। যোৱা বছৰৰ বাৰিষা চামগুৰিৰ নৈপৰীয়া অঞ্চলটোত সৃষ্টি হোৱা চূড়ান্ত দুৰ্যোগৰ সময়ত মন্ত্ৰী কেশৱ মহন্তই ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে তৎকালীনভাবে বাঁহৰ পাৰ্কুপাইন আৰু বাৰিষা পাৰ হৈ যোৱাৰ পিছত চৰকাৰী আঁচনিৰ অধীনত পকী পাৰ্কুপাইনৰ ব্যৱস্থা কৰা হ'ব বুলি ভুক্তভোগী ৰাইজক আশ্বাস দিছিল যদিও সেই আশ্বাস এতিয়া ফুটুকাৰ ফেনত পৰিণত হ'ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।