বীৰ শ্বহীদ জিন্টু গগৈ পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক

 05/13/2019 - 12:22

গোলাঘাটঃ খুমটাইৰ বুৰঞ্জী প্ৰসিদ্ধ ধোদৰ আলিৰ পৰা বাদুলিপাৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী 'বীৰ শ্বহীদ জিন্টু গগৈ' নামেৰে নামাকৰণ কৰা পথটো বৰ্তমান পৰিণত হৈছে পুখুৰীলৈ।পথ পথাৰ যেন একাকাৰ।জীয়াতু ভুগিছে সাধাৰণ ৰাইজে।

জৰাজীৰ্ণ হৈ পৰা পথটোত বহুবাৰ দুৰ্ঘটনা হোৱাৰ লগতে স্থানীয় সমষ্টিটোৰ বিধায়ক অতুল বৰাক অৱগত কৰাৰ উপৰিও শ্বহীদ জিন্টু গগৈৰ পিতৃয়ে মুখ্যমন্ত্রীক আবেদন কৰিছিল যদিও সুফল নাপালে খুমটাইবাসীয়ে।

আনহাতে,স্থানীয় ৰাইজৰ ক্ষোভ বীৰ শ্বহীদৰ নামত এটা উছৰ্গিত এটা পথৰ এনে অৱস্থাই শ্বহীদজনক চূড়ান্তভাৱে অপমান কৰাৰ দৰে হৈছে।

অতি শীঘ্ৰেই যদি পথটোৰ মেৰামতিৰ কাম নকৰে তেতিয়া বাদুলিপাৰা আঞ্চলিক ছাত্রসন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।