যশস্বী ঢোলবাদক বিমল মালীলৈ শিল্পী সাধনা বঁটা

 05/13/2019 - 13:10

গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টি। গুৱাহাটী আই আই টি ৰ প্ৰতিষ্ঠা কালৰ পৰাই জাতি বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে ৰঙালী উৎসৱ মহা ধুমধামেৰে প্ৰতি বছৰে আয়োজন কৰি আহিছে। এইবাৰো ১১ আৰু ১২ মেত অষ্টাদশ ৰঙালী উৎসৱ ২০১৯ আই আই টিৰ আৱাসীসকলে উদযাপন কৰিছে বুলি প্ৰতিষ্ঠানটোৰ জনসম্পৰ্কৰক্ষী বিষয়া লৱণু কুমাৰ কোঁৱৰে জানিবলৈ দিছে।

১১ তাৰিখে অনুষ্ঠিত হৈ যোৱা সাংস্কৃতিক সমাৰোহৰ মূল আকৰ্ষণ আছিল বিপিন চাউদাঙৰ গীতৰ শৰাই। থলুৱা মাটিৰ গোন্ধ থকা গীতৰ মূৰ্চনাৰে বিপিন চাউদাঙে আই আই টি বাসীক সন্মোহিত কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হয়। ইয়াৰ আগেয়ে একেখন মঞ্চতে গোৱালপাৰীয়া লোক সংগীতলৈ অমূল্য অৱদান আগবঢ়াৱা জীৱন জোৰা সাধনাৰ বাবে যশস্বী ঢোলবাদক বিমল মালীলৈ 'শিল্পী সাধনা বঁটা' আগবঢ়োৱা হয়।

শিল্পী গৰাকীক এটা বঁটাৰ লগতে উপহাৰ আৰু নগৰ ধনৰে পুৰস্কৃত কৰা হয়। উল্লেখ্য যে বিমল মালীয়ে প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ লগত আজীৱন দেশে বিদেশে ঢোল সংগত কৰি গোৱালপাৰীয়া সংস্কৃতিক জগতখনলৈ বিশেষ সেৱা আগবঢ়াইছিল। ১২ মে’ৰ বিশেষ আকৰ্ষণ পুৱা ৯ বজাত আৰম্ভ হোৱা সমন্বয় যাত্ৰা। সমন্বয় যাত্ৰাৰ মুকলি কৰে অধ্যাপক উদয় শংকৰ দীক্ষিতে।

সমন্বয় যাত্ৰাত অসমৰ বাপতিসাহোন বিহুৰ গীত নৃত্যৰ লগতে দেশৰ প্ৰতিটো প্ৰান্তৰ সংস্কৃতিৰ বৰ্ণাঢ্য সমাবেশেকে এক আকৰ্ষণীয় সমদল উলিয়াই সকলোকে একতাৰ দোলেৰে বন্ধা হয়। ১০:৩০ পৰা মুকলি বিহু অনুষ্ঠিত হয়। সকলো অংশগ্ৰহণকাৰীকে লাৰু, পিঠা, কোমল চাউল আদি অসমীয়া জলপানৰ জুতি প্ৰতি বছৰৰ দৰে এই বেলিও দিয়া হয়। ১২ মে’ত মুকলি বিহু সাংস্কৃতিক অনুষ্ঠানৰে ২০১৯ বৰ্ষৰ ৰঙালী উৎসৱৰ অন্ত পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।