চৰকাৰী ঘৰ আবণ্টন দিয়াৰ নামত দুখীয়া সাধাৰণ হিতাধিকাৰীৰ পৰা টকা সংগ্ৰহ পঞ্চায়ত প্ৰতিনিধিৰ

 08/25/2020 - 17:53

 


লংকাঃ ৰাইজেই ৰজা পাতি এতিয়া ক্ষোভ উজাৰিলে। লংকাৰ বামুণ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ নতুন বস্তিৰ গাঁৱৰ বাসিন্দাসকলে৷ প্ৰথমে চৰকাৰী ঘৰ একোটাকৈ দিয়াৰ প্ৰতিশ্ৰুতি,  বৰ্তমান চৰকাৰী ঘৰ পাবলৈ হ'লে আধাৰ কাৰ্ড থাকিব লাগিব৷ এই দুটা প্ৰলোভনেৰে লংকাৰ বামুণ গাঁও পঞ্চায়তৰ ৮ নং বাৰ্ডৰ সদস্য মনোজ দিব্ৰাগেদে নিজৰ বাৰ্ডৰ নতুন বস্তিৰ সাধাৰণ হিতাধিকাৰীৰ পৰা ৫০০/=ৰ পৰা ১০০০/= আৰু বৰ্তমান চৰকাৰী নীতি-নিয়মৰ দুহাই দি আধাৰ কাৰ্ড নিতান্তই প্ৰয়োজনত পুনৰ ৫০/= টকাকৈ সংগ্ৰহ কৰাৰ গুৰুত্বৰ অভিযোগ আনিছে৷

গাঁওখনৰ সৰহ সংখ্যাক লোকেই মনোজৰ এই লুণ্ঠনৰ জালত সোমাই পৰে৷ পৰৱৰ্তী সময়ত গাঁওখনৰ এজনো হিতাধিকাৰীৰ নামত চৰকাৰী ঘৰ আৱন্টন নোহোৱা বিষয়টো পোহৰলৈ আহে আৰু প্ৰত্যেকজন লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ ঘটনাৰ প্ৰতিবাদ জনায়৷ সততেই ৰাজ্যৰ পঞ্চায়ত সমূহৰ যোগেদি গ্ৰাম্য অঞ্চলত উন্নতিৰ কথা কৈ আহা চৰকাৰখনে এনেদৰে প্ৰতিনিধি হোৱাৰ সুবাদতে সাধাৰণ লোকক চৰকাৰী আচঁনিৰ দেখুৱাই চলাই যোৱা মনোজৰ দ্বৰে কৰি আহা লুণ্ঠনৰাজ বন্ধ কৰিব পাৰিবনে? 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।