স্তন কৰ্কটক লৈ হেল্থ চিটি হাস্পতালৰ সজাগতা অভিযান

 03/07/2019 - 16:27

গুৱাহাটী: ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে মহিলাসকলৰ স্তনৰ কৰ্কট ৰোগৰ হাৰ। ভাৰত চৰকাৰৰ স্বাস্হ্য বিভাগৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। সমীক্ষাত প্ৰকাশ পোৱা তথ্য মতে, বিগত দশকৰ পৰা স্তনৰ কৰ্কট ৰোগৰ হাৰ পূৰ্বতকৈ ২০ শতাংশ বৃদ্ধি পোৱাৰ লগতে ১৪ শতাংশলৈ বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্ত মহিলাৰ মৃত্যুৰ হাৰ। ইয়াৰ উপৰি ভাৰতত প্ৰতি বছৰে ১৬ লাখ মহিলা আক্ৰান্ত হয় এই ৰোগত।

বুধবাৰে গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত স্তনৰ কৰ্কটৰোগৰ সজাগতাৰ উদ্দেশ্যে আয়োজিত এক অনুষ্ঠানত হাস্পিতালখনৰ স্ত্রী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ ডাঃ কল্পনা চৌধুৰীয়ে জনোৱা মতে, ভাৰতত প্ৰতি ১ লাখ মহিলাৰ ভিতৰত ২৫.৮ গৰাকী মহিলাই আক্ৰান্ত হয় স্তনৰ কৰ্কট ৰোগত। ইয়াৰ ভিতৰত প্ৰায় ১২.৭ শতাংশ মহিলাই প্ৰতিবছৰে মৃত্যু মুখত পৰে। আনহাতে, অসমত গ্ৰামাঞ্চলত প্ৰতি ৬০গৰাকীৰ আৰু চহৰাঞ্চলত প্ৰতি ২২ গৰাকীৰ মহিলাৰ ভিতৰত এগৰাকীকৈ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। ভাৰত তথা অসমত কৰ্কট ৰোগৰ প্ৰতি সচেতনতাৰ অভাৱ তথা লোকলজ্জা তাৰ উপৰি ৰোগ চিনাক্তকৰণত হোৱা পলমৰ বাবেও এই ৰোগ প্ৰতিৰোধ কৰাটো অসম্ভৱ হৈ পৰে।

সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ সজাগতাৰ বাবে হেল্থ চিটি হাস্পতালে এক সজাগতা অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ নেতৃত্বত থাকিব সুকণ্ঠী গায়িকা তৰালি শৰ্মা। তৰালি শৰ্মা আৰু হেল্থ চিটি হাস্পতালৰ উদ্যোগত জিলা পৰ্যায়তো এই অভিযানে বিভিন্ন সজাগতা অভিযান আৰম্ভ কৰিব বুলিও ডাঃ চৌধুৰীয়ে জানিবলৈ দিয়ে। হাস্পতালখনত ইতিমধ্যে উন্নত মানৰ এটি চিকিৎসা কেন্দ্ৰও মুকলি কৰা হৈছে য'ত ৰোগীয়ে কৰ্কট ৰোগৰ উপৰি স্তনৰ বিভিন্ন সমস্যাৰ সমাধান লাভ কৰিব পাৰিব। উল্লেখ্য যে, নাৰী দিৱসৰ লগত সংগতি ৰাখি হাস্পতালখনে অহা ৮ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ এমাহজোৰা কাৰ্যসূচীৰে বিনামূলীয়াকৈ স্তনৰ কৰ্কট ৰোগ সন্দৰ্ভত চিকিৎসা আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।