চামগুৰিত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি

 05/13/2019 - 13:29

চামগুৰিঃ চামগুৰিত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ২০১৬-২০১৭ বিত্তীয় বৰ্ষত চামগুৰিৰ কনুৱামাৰী পঞ্চায়তৰ বৰমাবিলৰ এটা পথৰ মেৰামতিৰ বাবে আবণ্টিত হৈছিল সাতলাখ টকা।

নুৰানী মছজিদৰ পৰা বৰমাবিল মাদ্ৰাছালৈকে মুঠ আঠশ মিটাৰ পথ।তাৰে এশ মিটাৰ চি চি ব্লক ইটাৰে নিৰ্মাণ কৰাৰ বাবে আৰু বাকী সাতশ মিটাৰ চেণ্ডগেভেলেৰে নিৰ্মাণ কৰাৰ বাবে আবণ্টিত হৈছিল ধনৰাশি। কিন্তু মাত্ৰ আশী মিটাৰ পথত হে চি চি ব্লক ইটাৰ লগালে আৰু বাকী পথছোৱাত এতিয়া কঠিয়া ৰুব পৰা অৱস্থা।

কনুৱামাৰি পঞ্চায়তত জি আৰ এছ আমিনুল ইছলামে মেৰামতি কৰিছিল পথছোৱা। অৱশেষত ৰাইজে আৰ টি আই কৰি অৱগত হ’ল পথছোৱাৰ বাবে আৱণ্টিত হোৱা সমুদায় টকা শেষ হ’ল। কিন্তু কাম আধাতে ৰ’ল। ৰাইজৰ অভিযোগ পথ নিৰ্মাণৰ নামত গ্ৰাম ৰোজগাৰ সেৱক আমিনুলে আত্মসাৎ কৰিছ চৰকাৰী ধন। অতিশীঘ্ৰে বিচাৰ লাগে ৰাইজক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।