ড্ৰাগচ সৰবৰাহকাৰীৰ ঘাটিত পৰিণত ৰঙিয়া ৰেল জংচন

 05/13/2019 - 14:29

ৰঙিয়াঃ ড্ৰাগচ সৰবৰাহকাৰীৰ ঘাটিত পৰিণত ৰঙিয়া ৰেল জংচন। ৰঙিয়া আৰক্ষীৰ গোপন অভিযানত ড্ৰাগচসহ আটক সৰবৰাহকাৰী। জব্দ ডেৰ কিলোগ্ৰাম কানি।

আটক সৰবৰাহকাৰী হিতেশ কলিতা নামৰ এজন লোক। কামৰূপ এক্সপ্ৰেছেৰে পশ্চিম বংগৰ হাওৰালৈ নিয়াৰ পৰিকল্পনা কৰিছিল। এটা বেগত লুকুৱাই আনিছিল এই কানিখিনি৷

ৰঙিয়া আৰক্ষীৰ এটা দলে অতৰ্কিত অভিযান চলাই কানিসহ আটক কৰিছে হিতেশ কলিতা নামৰ এই লোকজনক।

আৰক্ষীয়ে আটক কৰি সোধপোচ অব্যাহত ৰাখিচে ধৃত হিতেশক ।তেওঁৰ ঘৰ ৰঙিয়াৰ জয়ন্তীপুৰত বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।