মানাহ নদীৰ দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰা কিশোৰীৰ মৃতদেহ উদ্ধাৰ

 05/13/2019 - 14:40

মাণিকপুৰঃ আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত মানাহ নদীৰ শামুকামাৰী পাৰঘাটৰ ওচৰৰ পৰা এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হয়। নগৰঝাৰৰ এগৰাকী কিশোৰীয়ে কালি মানাহ নদীৰ দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল।

 ঘটনাৰ বিৱৰণী মতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানাহ নদীৰ ওপৰত থকা দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল নগৰঝাৰ গাঁৱৰ বাহাদুৰ ইছলামৰ কন্যা মণিমা খাতুনে(১৭)৷ সেইগৰাকী কিশোৰীৰ মৃতদেহ বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত গেৰুকাবাৰী আৰক্ষী উপস্থিত হোৱাৰ লগতে এছ ডি আৰ এফৰ বাহিনীয়ে উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল যদিও কালি সন্ধিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাছিল।আজি ৰাতিপুৱা পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় মণিমাৰ মৃতদেহ।আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।