ৰঙাপৰাত সেউজ সপ্তাহ উপলক্ষে বন বিভাগৰ বৃক্ষৰোপনৰ লগতে হাতী আক্ৰমণৰ নিহত পৰিয়ালক অনুদান প্রদান

 05/13/2019 - 16:04

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত সেউজ সপ্তাহ উপলক্ষে জিলা বন বিভাগে ৰঙাপৰা প্ৰেছ ক্লাবৰ সহযোগত এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে। ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বহু মূল্যৱান নাগচম্পা গছৰ পুলি ৰোপণ কৰে শোণিতপুৰ জিলাৰ পশ্চিম সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ৰঞ্জিত কোঁৱৰে।

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বন প্ৰাধিকাৰী বিষয়া ৰঞ্জিত কোঁৱৰে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীক নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি উল্লেখ কৰি ৰঞ্জিত কোঁৱৰে কয় যে তোমালোকে ডাঙৰ হোৱা লগে লগে গছজোপা ডাঙৰ হৈ আহিব আৰু ই প্রাকৃতিক পৰিবেশৰ বাবে অনবদ্য অৱদান হ’ব| গছ-গছনি ধ্বংস হোৱাৰ ফলত পৃথিৱীত অস্বাভাৱিক ভাৱে বৃদ্ধি হৈছে গোলকীয় উষ্ণতা বুলি তেখেতে ছাত্র-ছাত্ৰীসকলক নিজৰ চমু ভাষণত কয়।

অনুষ্ঠানটিত উপস্থিত থকা প্ৰকৃতিপ্ৰেমী তথা সৰ্প বান্ধব সৌৰভ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি কয় যে অঞ্চলসমূহত গছ-গছনি জীয়াই ৰখাৰ লগতে বনৰীয়া জীৱ জন্তুৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব। অনুষ্ঠানটিত উপস্থিত থাকে ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৃপেন্দ্ৰ ডেকা,আমাৰিবাৰি বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া অজিত গগৈ, সমাজকৰ্মী সুভাষ মণ্ডল, অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ সহকাৰী সম্পাদক সুনিল টুটি,ৰঙাপৰা প্ৰেছ ক্লাবৰ সভাপতি সুনিল মৰ,প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক চাহিন আহমেদ, জ্যেষ্ঠ সাংবাদিক পংকজ নাথ,ধনেশ্বৰ কলিতা,ৰাজীৱ নাথ,ছাহজাহান ছেলিম কুৰেছি উপস্থিত আছিল। ইয়াৰ পাছত বন বিষয়া

ৰঞ্জিত কোঁৱৰে হাতী আৰু মানৱ সংঘাতত মৃত্যু হোৱা বৰজুলি চাহ বাগিচাৰ ৫ নং শ্ৰমিক লাইনৰ প্ৰয়াত পাটৰাছ তপ্নৰ পত্নী পুনম তপ্নক তেওঁৰ বাসগৃহলৈ গৈ চাৰি লাখ টকাৰ এককালীন অনুদানৰ নথি আগবঢ়াই শ্রমিক ৰাইজৰ মাজত হাতী মানুহৰ দিনক দিনে বৃদ্বি পোৱা ঘটনাক উদ্বেগ প্রকাশ কৰাৰ লগতে ৰাইজক এই ক্ষেত্ৰত সজাগতাৰ ক্ষেত্ৰত দিহা পৰাৰ্মশ আগবঢ়ায়|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।