ৰঙাপৰাত দুখন শিক্ষানুষ্ঠানত বন্ধ মধ্যাহ্ন ভোজন আঁচনিঃ কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ

 05/13/2019 - 17:10

ৰঙাপৰাঃ ৰাজ্য চৰকাৰৰ বিয়াগোম শিক্ষা বিভাটোৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই শোণিতপুৰ জিলাৰ ৰঙাপৰাত বহু দিনৰপৰাই দুখনকৈ শিক্ষানুষ্ঠানত মধ্যাহ্ন ভোজন আঁচনি বন্ধ হৈ থকাৰ কথা পোহৰলৈ আহিছে।১৯৪৮ চনত স্থাপিত তথা সোনালী জয়ন্তী গৰকা ৰঙাপৰা বেংগলী হাইস্কুলৰ লগতে ২নং প্ৰাথমিক বিদ্যালয়ত চৰকাৰী আঁচনিখন বন্ধ হৈ থকাৰ পৰিপ্ৰেিক্ষতত দুয়োখন বিদ্যালয়ত অধ্যয়নৰত ছাত্র-ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হ’বলগিয়া হোৱাৰ অভিযোগ উঠিছে।

ৰাজ্যত একাংশ শিক্ষানুষ্ঠান কেনেদৰে চলি আছে তাৰ খবৰ ল’বলৈ শিক্ষা বিভাগৰ আহৰি নোপোৱা বুলি অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ৰঙাপৰা বেংগলী হাইস্কুল আৰু ২ নং প্ৰাথমিক বিদ্যালয়খন পৃথকে পৃথকে পৰিচালনা হৈ আছিল যদিও ২০১৭ চনৰ চৰকাৰী নিৰ্দেশনা অনুসৰি দুয়োখন বিদ্যালয় একত্ৰিতকৰণ কৰা হয়। একত্ৰিতকৰণৰ পাছৰে পৰা বিদ্যালয় দুখনৰ প্ৰশাসনিক কামকাজসমূহ হাইস্কুলখনৰ প্ৰধান শিক্ষকগৰাকীয়ে কৰি আহিছিল।কিন্তু অতি পৰিতাপৰ বিষয় যে হাইস্কুলখনত বিগত ৫ বছৰে কোনো স্থায়ী প্ৰধান শিক্ষকৰ নিযুক্তি নোহোৱাত বিদ্যালয়সমূহৰ কামকাজত বহু সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে।

ইপিনে যোৱা ১৫ মাৰ্চৰ পৰা বিদ্যালয় দুখনৰ মধ্যাহ্ন ভোজন বন্ধ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।বিদ্যালয় দুখনত মধ্যাহ্ন ভোজন বন্ধ হৈ থকাত চৰকাৰী ভাৱে আৱন্টিত হোৱা বস্তা বস্তা চাউল নষ্ট হোৱাৰ অভিযোগ উত্থাপিত হৈছে।দুয়োখন বিদ্যালয় চৰকাৰে একত্ৰিকৰন কৰিয়ে দায়িত্ব সামৰা বুলি ৰঙাপৰা বেংগলী হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি নেপোলিয়ন চক্ৰৱৰ্তীয়ে সংবাদাতাৰ আগত সদৰী কৰে। বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ চৰম হেমাহিৰ বাবেই বিদ্যালয় দুখনৰ মধ্যাহ্ন ভোজন বন্ধ হৈ থকাৰ অভিযোগ উত্থাপিত হয়।

এই সমস্যা সমাধান কৰা ক্ষেত্ৰত বিদ্যালয়সমূহৰ চি আৰ চি জয়ন্ত বৰগোঁহায়ে নীৰৱ ভূমিকা পালন কৰি অহাৰ লগতে দায়সৰা মন্তব্য কৰা অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ২ নং প্ৰাথমিক বিদ্যালয়ত মুঠ ১৮৭ গৰাকী ছাত্র-ছাত্ৰীৰ বিপৰীতে বেংগলী হাইস্কুলখনত মুঠ ১৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আহিছে। দুয়োখন বিদ্যালয়ৰ মুঠ ৩২০ গৰাকী ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজনৰ পৰা বিগত দুমাহ ধৰি বঞ্চিত হৈ আছে।

বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন বন্ধ হৈ থকাৰ পাছতো বিষয়টো বিদ্যালয় সমূহৰ পৰিদৰ্শক জয় ৰাম হাজৰিকাই গুৰুত্ব প্ৰদান নকৰাত অভিভাৱক সকলৰ মাজত পতিক্ৰিয়াৰ সৃষ্টি হৈছে।বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজন আৰম্ভ কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।