হাটশিঙিমাৰী ভাৰত বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ এক চোৰাং গৰু সৰবৰাহকাৰী

 05/13/2019 - 17:29

হাটশিঙিমাৰীঃ দঃশালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিঃমিঃ নিলগত ভাৰত বাংলাদেশ সীমান্তৰ আছামেৰ আলগা সীমান্ত সুৰক্ষা বাহিনীয়ে এজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, দঃশালমাৰা থানাৰ অন্তৰ্গত খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ ভাৰত বাংলাদেশ সীমান্তৰ আছামেৰ আলগা কেম্পৰ টহলদাৰী সীমান্ত সুৰক্ষা বাহিনীয়ে পহৰা দি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে গৰু সৰবৰাহকাৰীটোক। ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ হ’বলৈ চেষ্টা কৰোতে কৰায়ত্ত কৰে সুৰক্ষা বাহিনীয়ে।

জানিব পৰা মতে, গ্ৰেপ্তাৰ চোৰাং গৰু সৰবৰাহকাৰীটো সুখচৰ থানাৰ অধীনস্থ হাজিৰহাট বৰোবালুৰচৰ গাঁৱৰ বাসিন্দা আব্দুল খালেকৰ পুত্ৰ মোজাম্মিল হক(৩৩)৷ সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে খাৰুৱাবান্ধা আৰক্ষীৰ হাতত গতাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।