তামুলপুৰৰ কুমাৰীকাটাত প্ৰতাৰণা দিৱস পালন

 08/28/2020 - 15:00

 

তামুলপুৰঃ তামুলপুৰৰ কুমাৰীকাটাত প্ৰতাৰণা দিৱস পালন। কুমাৰীকাটা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত পালন কৰা হয় এই প্ৰতাৰণা দিৱস। সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰে এই প্ৰতাৰণা দিৱস। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, ভাৰত চৰকাৰ হায় হায়, আমাক এছ টি কৰিব লাগিবই  শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে ১৯৪৯ চনৰ ২৮ আগষ্টৰ দিনা ভাৰত চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক নিঃশেষ কৰাৰ পৰিকল্পনাৰে কমতাপুৰ ৰাজ্যৰ লগত এক চুক্তি যোগে মাৰ্জাৰ এগ্ৰিমেন্ট কৰি ভাৰতবৰ্ষৰ লগত চামিল কৰে। উক্ত দিনটো কোচ ৰাজবংশী জনগোষ্ঠীৰ এক কলা ইতিহাস হিচাপে পৰিগণিত কৰি আহিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে।

উক্ত দিনাখনৰে পৰা ভাৰত চৰকাৰে ৰাজনৈতিকভাৱে কোচ ৰাজবংশী জনগোষ্ঠীক চাৰিওফালৰ পৰা প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে। লগতে ঐতিহাসিক কমতাপুৰৰ ভূমি খণ্ড বিখণ্ড কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাজহাড় ভাঙি দিয়া বাবে উক্ত দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি অহা হৈছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।